আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৩ পদক লাভ
গুৱাহাটী, ১৭ মাৰ্চ :: তামিলনাডুৰ চেন্নাইৰ Sathyabama Institute of Science and Technology ত অনুষ্ঠিত হোৱা এ আই ইউৰ ৩৯ সংখ্যক আন্তঃবিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৫-'২৬ ত অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলে উন্নত প্ৰদৰ্শনেৰে মুঠ ১৩ টা পুৰস্কাৰ লাভ কৰি অসম তথা গুৱাহাটী বিশ্ববিদ্যালয়লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোৰ এনে গৌৰৱময় সামগ্ৰিক সফলতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা আৰু সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়ালে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি, উপ-ছাত্ৰ কল্যাণ সঞ্চালক ডঃ কুলদীপ পাটগিৰি আৰু ডঃ বৰিছ দত্তৰ নেতৃত্বত যোৱা দলটোৱে পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাম উজ্বলাবলৈ সক্ষম হয়।

No comments