অৱসৰী শিক্ষা বিষয়া ডঃ প্রদীপ কলিতাৰ দুখন গ্রন্থ উন্মোচন
গুৱাহাটী , ১৭ মাৰ্চ :: অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰক তথা বিশিষ্ট শিক্ষাবিদ ডঃ প্ৰদীপ কলিতাৰ দুখন গ্ৰন্থ ১৫ মাৰ্চত পশ্চিম জালুকবাৰীৰ খানামুখস্থিত মধুবন নগৰৰ নিজ বাসগৃহত এক ব্যতিক্ৰমী ব্যৱস্থাপনাৰে উন্মোচন কৰা হয় ৷ গ্ৰন্থকাৰ ডঃ কলিতাই আদৰণি জনাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত আয়োজন কৰা হয় এক ব্যতিক্ৰমী অন্তৰঙ্গ আলাপ ৷ অৱসৰী শিক্ষক আনন্দ দাস আৰু সংগীত শিল্পী ধ্ৰুৱজ্যোতি দাসৰ আৰম্ভণি গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত মঞ্জিৰা ডেকাই বৰগীত পৰিবেশন কৰি সমজুৱাক আহ্লাদিত কৰে।
“আমি কিয় আৰু কাৰ বাবে লিখো” শীৰ্ষক আলোচনা চক্ৰত বিশিষ্ট সাহিত্যিক মইনা গোস্বামী, পুলিন কলিতা, ডঃ অৱনী কুমাৰ ভাগবতী, ডঃ উপেন ৰাভা হাকাছাম, ডঃ সোণেশ্বৰ শৰ্মা, মুকুট শৰ্মা, ডঃ প্ৰফুল্ল নাথ, ডঃ বাণীকান্ত গোস্বামী, শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণি শৰ্মা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নিজৰ নিজৰ মতামত ব্যক্ত কৰে কৰি ৷ অন্তৰঙ্গ অনুষ্ঠানটিৰ শেষত বিশিষ্ট শিক্ষাবিদ ডঃ প্ৰদীপ কলিতাৰ ইতিমধ্যেই বিভিন্ন কাকত আলোচনীত প্ৰকাশিত প্ৰৱন্ধ সংকলন "সময়ৰ চিন্তন"ৰ প্ৰথম খণ্ড আৰু নিৰ্বাচিত গল্পৰ সংকলন "বন্ধ বৰ্তনী" সামুহিক ভাৱে উন্মোচন কৰা হয় । গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ডঃ দিলীপ কুমাৰ কলিতা, ড° বলেন্দ্ৰ দেৱ চৌধুৰী, ভাষা প্রকাশন গোষ্ঠীৰ মুকুট শৰ্মা, সাহিত্যিক নৃপেন্দ্র তালুকদাৰ, গল্পকাৰ অপূৰ্ব ডেকা, ডঃ গোবিন্দ ডেকা, সাহিত্য সংগঠক হেমন্ত কলিতা, লেখিকা মামনি কলিতা প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

No comments