Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভা সম্পন্ন


 গুৱাহাটী,  ১৭ মাৰ্চ :  পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সাধাৰণ সভা এখন যোৱা ১৫ মাৰ্চত  অনুষ্ঠিত হৈ যায়। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলৰ চিনাকী পৰ্বৰে আৰম্ভ হোৱা সভাখনৰ পৌৰোহিত্য কৰে প্ৰাক্তন ছাত্ৰ তথা সন্মিলনৰ প্ৰাক্তন সভাপতি পৰেশ বৰুৱাই আৰু  আঁত ধৰে প্ৰাক্তন ছাত্ৰ তথা আহ্বায়ক সমিতিৰ মুখ্য আহ্বায়ক নিতুমণি ৰাজবংশীয়ে।  সভাত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মণিষা ভট্টাচাৰ্য ,  সন্মিলনীৰ প্ৰাক্তন উপদেষ্টা ধনেশ্বৰ কলিতা, মুখ্য উপদেষ্টা তথা বাণিজ্যিক বিভাগৰ অধ্যাপক ডঃ হেমন্ত কলিতাই উপস্থিত থাকি উদগনিমূলক ভাষণ প্ৰদান কৰে।

  সভাত  প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মুখ্য উপদেষ্টা ধনেশ্বৰ কলিতাক উপদেষ্টা, পৰেশ বৰুৱা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ মণিষা ভট্টাচাৰ্যক সভাপতি, ডঃ হেমন্ত কলিতাক কাৰ্যকৰী সভাপতি, নীৰেন মহন্ত, ফাৰুক আহমেদক উপ-সভাপতি, ৰঞ্জন কলিতা, লাচিত কলিতা, ধৰ্মেন্দ্ৰ কলিতাক সাধাৰণ সম্পাদক, নিতুমণি ৰাজবংশী, তুলসী  উপাধ্যায়, নিবাৰণ দাস, চন্দন ৰাভাক সম্পাদক মণ্ডলী হিচাপে নিৰ্বাচিত কৰি  এখন ৩৫জনীয়া কমিটি গঠন কৰা হয় । সভাই চলিত বৰ্ষৰ আগষ্ট মাহৰ শেষৰ দেওবাৰটোত প্ৰাক্তন ছাত্ৰ–ছাত্ৰী সন্মিলনী দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ গৃহীত কৰে।

No comments

Powered by Blogger.