Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

আন্তৰ্জাতিক নাৰী দিৱসত গড়চুকত বিভিন্ন ক্ষেত্ৰৰ ১৫ গৰাকী মহিলাক সম্বর্ধনা



গুৱাহাটী  ,   মার্চ: আন্তৰ্জাতিক  নাৰী দিৱসৰ লগত সংগতি ৰাখি  গুৱাহাটীৰ গড়চুকস্থিত উত্তৰ পূব হস্তশিল্প আৰু হস্ততাত উন্নয়ন নিগম লিমিটেড ( এন ই এইচ এইচ  ডি চি) ৰ কাৰ্যালয় চৌহদৰ সভাগৃহত ৬ মাৰ্চত  আই টি চি ছানৰাইজ স্পাইচেছৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা  মহিলাসকলক স্বীকৃতি আৰু সম্মান প্ৰদানৰ বাবে 'উদয়িনী' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰেড এফএম ৯৩.৫-ৰ সহযোগত আয়োজিত  অনুষ্ঠানটোত ৰাজ্যৰ কেবাখনো জিলাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা ক্ৰমে - সাংবাদিক দৰ্শনা বৰুৱা , অনুৰূপা ষ্টুডিঅৰ প্ৰতিষ্ঠাপক অনুষ্কা দাস, অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী ডালিমী দাস, চেফ দেবায়নী ভূঞাকে ধৰি ১৫ গৰাকী  মহিলাক পাটৰ গামোচা  আৰু মানপত্ৰৰে  ৰাজহুৱাভাবে সম্বর্ধনা জনোৱা হয়।

 


  অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাত আৰু বস্রশিল্প বিভাগৰ সঞ্চালক ময়ূৰী ওজা  ,  অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক মঞ্জু ৰাণী গগৈ তালুকদাৰ ,  এন ই এইচ এইচ ডি চিৰ পৰিচালন সঞ্চালক মাৰা কোচো, অসম চৰকাৰৰ ষ্টাৰ্ট আপৰ মুখ্য কাৰ্যবাহী বিষয়া ওঙ্কাৰনাথ ৰথ,  ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ, গুৱাহাটীৰ মূৰব্বী  আৰু সঞ্চালক শৌভিক চন্দা ,  আই টি চি লিমিটেডৰ ছানৰাইজ স্পাইচেছৰ ব্যৱসায়িক মূৰব্বী পীযুষ মিশ্রকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল ।

No comments

Powered by Blogger.