কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত যোগ প্ৰদৰ্শন আৰু ৰচনা প্ৰতিযোগিতা
গুৱাহাটী ,৮ মাৰ্চ : বিগত বৰ্ষৰ দৰে এইবেলিও এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে গুৱাহাটীৰ জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ মহিলা কোষে মহাবিদ্যালয়ৰ আই কিউ এ চি, যুৱ ট্যুৰিজিম , ইকো ক্লাব আৰু আই চি চিৰ সহযোগত ৭ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰে হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা কোষৰ সম্পাদিকা নিৱেদিতা শৰ্মাই। সভাত ডঃ নীলাক্ষি দেৱীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিবসৰ মূল বিষয়ৰ ওপৰত গভীৰ আৰু তথ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অৰুন্ধতী গোস্বামী, অধ্যাপক ক্ৰমে সুনীতি বল্লভ গোস্বামী আৰু উত্তম চাহুয়ে নাৰী দিৱসৰ ওপৰত তত্ব গধুৰ ভাষণ প্ৰদান কৰে । সভাত মহাবিদ্যালয়ৰ যোগ বিভাগৰ ছাত্ৰ- ছাত্ৰীসকলে যোগৰ অনুশীলন প্ৰদৰ্শন কৰে ।
জিজ্ঞাসী আৰু ৰিংকিৰ মংগলাচৰণেৰে শুভাৰম্ভ হোৱা সভাত সমীৰণ কাকতিয়ে গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল "অসমৰ সমাজ পৰিবৰ্তনত নাৰীৰ ভূমিকা"। প্ৰতিযোগিতাৰ (ক) শাখাত ভিক্টোৰিয়া ধৰ, (খ) শাখাত ৰুণু বৈশ্য, লক্ষ্য ধৰ ডেকা আৰু (গ) শাখাত জুহি কলিতাই স্থান লাভ কৰে। আনহাতে মহিলা কোষৰ সভানেত্ৰী বৰ্ণালী দত্ত অধিকাৰীয়ে পৰিচালনা কৰা সভাখনৰ শেষত শলাগৰ শৰাই আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যাপিকা
ডঃ নন্দিতা শৰ্মাই ।


No comments