Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত “আপস্কিল পেইণ্টাৰ ট্ৰেইনিং’’ অনুষ্ঠান:




গুৱাহাটী ১১ ফেব্ৰুৱাৰী: গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ. কোষৰ উদ্যোগত আৰু গ্ল’বেলহান্ট ফাউণ্ডেচনৰ সহযোগিতাত,একজনবেল ইণ্ডিয়া, নতুন  দিল্লীৰ পৃষ্ঠপোষকতাত ৪ আৰু ৫ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ  অসম আৰ্হিৰ ছেমিনাৰ হলত “আপস্কিল পেইণ্টাৰ ট্ৰেইনিং’’ শীৰ্ষক এক প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হয়।

 


 


প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আই.কিউ.এ চিৰ সঞ্চালক প্ৰফেছৰ ধ্ৰুৱজ্যোতি চহৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন.এছ.এছ. কোষৰ উদ্যোগক শলাগ জনায় আৰু বিশ্ববিদ্যালয়ৰ পালিত  গাঁও আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ চিত্ৰশিল্পীসকলৰ কল্যাণৰ বাবে এনে সৃজনশীল প্ৰশিক্ষণ অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জনায়। আৰম্ভণিতে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যাণ সঞ্চালক তথা এন.এছ.এছ. কোষৰ কাৰ্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে কয় যে এনে প্ৰশিক্ষণ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলৰ দক্ষতা বৃদ্ধি কৰে আৰু তেওঁলোকৰ শিক্ষণ প্ৰক্ৰিয়াত বিশেষ সহায় কৰে।

 ড০ কাকতিয়ে সমাজৰ নিবনুৱা সমস্যাক দূৰ কৰাৰ আশা ব্যক্ত কৰি এই প্ৰশিক্ষণ শিবিৰ সফলভাৱে সম্পন্ন কৰাত সহায় কৰা সকলো লোকক ধন্যবাদ জনায়।অকজনবেল ইণ্ডিয়াৰ কলকাতা শাখাৰ প্ৰশিক্ষক সুব্ৰত কুমাৰ ৰায়ে অংশগ্ৰহণকাৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰি উদীয়মান চিত্ৰশিল্পীসকলৰ সৈতে  দক্ষতা ভাগ-বতৰা কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ৬০ জন চিত্ৰশিল্পীক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

No comments

Powered by Blogger.