Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গাড়ীগাওঁ মধ‍্য ইংৰাজী বিদ্যালয়ত শিক্ষক অকন দাসৰ বিদায় সম্বৰ্ধনা সভা।


  
গুৱাহাটী , ১১ ফেব্ৰুৱাৰী: গাড়ীগাও মধ্য ইংৰাজী  বিদ্যালয়ৰ  প্ৰেক্ষাগৃহত আজি বিদ্যালয় খনৰ 
এগৰাকী অতি প্ৰিয় আৰু নিষ্ঠাবান শিক্ষক অকন দাসৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভাখন আৱেগিক পৰিবেশত অনুষ্ঠিত হৈ যায়।  


বিগত কেইবাবছৰ ধৰি বিদ্যালয়খনৰ শৈক্ষিক আৰু শৈক্ষিক-উত্তৰ দিশত অনবদ্য অৱদান আগবঢ়াই অহা শিক্ষকগৰাকীক আজি বিদ্যালয় পৰিয়াল, ছাত্ৰ-ছাত্ৰী , স্কুল পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা উষ্ম বিদায় সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে আয়োজিত এক  সভাত সভাপতিত্ব কৰে বিদ‍্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আখতাৰা বেগমে। সভাৰ আত ধৰে শিক্ষয়ত্ৰী ডিম্বলতা দাসে। বিদায়ী সভাত উপস্থিত থকা সকলোৱে শিক্ষক অকন দাসৰ শিক্ষকতাৰ পদ্ধতি আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা মৰমৰ উচ্চ প্ৰশংসা কৰে। ছাত্ৰ-ছাত্ৰীসকলেও তেওঁক এগৰাকী অভিভাৱকৰ দৰে পাইছিল বুলি আবেগিক মন্তব্য কৰে। ইফালে বিদায়ী ভাষণত শিক্ষক অকন দাসে কয়, "বিদ্যালয়খন মোৰ বাবে কেৱল কৰ্মক্ষেত্ৰ নাছিল, ই আছিল মোৰ পৰিয়াল। ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি।"


অনুষ্ঠানৰ শেষত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা তেওঁক গামোচা, শৰাই ,সম্বৰ্ঠনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে বিদায়ী সম্ভাষণ জনোৱা হয়। লগতে তেওঁৰ অৱসৰৰ পিছৰ জীৱন সুস্থ আৰু আনন্দময় হোৱাটো সকলোৱে কামনা কৰে ।বিদায়ী সভাখনত বিদ‍্যালয়ৰ সমুহ শিক্ষক-শিক্ষয়ত্ৰী , ছাত্র-ছাত্ৰীৰ লগতে অৱসৰপ্ৰাপ্ত দুই শিক্ষয়ত্ৰী ক্ৰমে নুৰজাহান বেগম আৰু তনুজা বেগম উপস্থিত থাকে।

No comments

Powered by Blogger.