Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলি আছে মাটিৰ পট্টা প্ৰদান আৰু বৈদ্যুতিক সংযোগ কাৰ্য ; পশ্চিম গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ মাজৰ ৰাণী চাপৰিত মহিলা কৃষক প্ৰণীতা কলিতা দাসৰ সেউজ বিপ্লৱ ; সৰিয়হসহ বিভিন্ন খেতিত সফলতা

 

গুৱাহাটী  , ২০ জানুৱাৰী : কেন্দ্ৰই হওঁক  বা ৰাজ্য চৰকাৰেই হওঁক পুৰুষৰ তুলনাত মহিলা কৃষকক প্ৰতিখন চৰকাৰেই  অবহেলা কৰি আহিছে বুলি কলেও অত্যুক্তি কৰা নহব। এক কথাত কবলৈ হলে মহিলা মহিলা কৃষকসকলে দেশৰ কৃষি খণ্ডত নীৰৱে অৱদান আগবঢ়াই আহিছে। কিয়নো কামৰ যে সৰু বৰ নাই আৰু ইচ্ছা কৰিলে পুৰুষৰ সমানে সমানে মহিলায়ো যে কৃষি কৰ্ম কৰিব পাৰে তাৰ বিৰল নিদৰ্শন দেখুৱাইছে  পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত  জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা তথা আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত গড়ল ভট্টাপাৰাৰ মহিলা কৃষক প্ৰণীতা কলিতা দাসে। 

স্বামীহাৰা মহিলা কৃষক প্ৰণীতা কলিতা দাসে ধাৰাপুৰৰ পৰা ভট্টাপাৰালৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত থকা  কৃষি প্ৰধান ক্ষেত্ৰ হিচাপে পৰিচিত ৰাণী চাপৰিত বিগত  এটা দশকৰো অধিক কাল ধৰি প্ৰায় ১০ বিঘা কৃষি নিজা মাটিত সৰিয়হ , নহৰু, আলুকে ধৰি বিভিন্ন ঋতুকালীন খেতি কৰি স্ব- নিৰ্ভৰশীল হবলৈ সক্ষম হোৱাৰ লগতে আন মহিলা - যুৱতী সকলৰ বাবেও এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত প্ৰণীতা কলিতা দাসে জানিবলৈ দিয়া মতে তেওঁৰ স্বামী অসম চৰকাৰৰ বন বিভাগত চতুৰ্থ পদত চাকৰি কৰিছিল যদিও অসুখত ভুগি ২০১৯ চনৰ ২১ জুনত মৃত্যু হৈছিল। অৱশ্যে মৃত্যুৰ পিছত পৰিয়াল পেন্সন লাভ কৰিছিল যদিও ঘৰৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰৰ মাজত থকা কৃষি প্ৰধান ৰাণী চাপৰিত স্বামীৰ উৎসাহ আৰু সহযোগত ২০১৫ চনৰ পৰা ১০ বিঘা মাটিত সৰিয়হ, নহৰু, আলুকে ধৰি বিভিন্ন ঋতুকালীন খেতি কৰা কাৰ্যত নিজকে জড়িত কৰিছিল।

 বৰ্তমান তেওঁৰ তিনিটা পুত্ৰ সন্তানৰ ভিতৰত বৰপুত্ৰ ৰূপম দাসে  ঘৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ত অস্থায়ীভাবে গাড়ীচালক হিচাপে নিয়োজিত হৈ থকাৰ বিপৰীতে সৰু পুত্ৰই গুৱাহাটীৰ আই টি আইৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ঘৰৰ পৰা কিছু নিলগৰ পলাশবাৰীত এটা কোম্পানীত নিয়োজিত হৈ আছে। বৰ্ত্তমান কৰ্মসংস্থাপন লাভ নকৰা শিক্ষিত মাজু পুত্ৰই মাজে সময়ে তেওঁক কৃষি কৰ্মত সহযোগ কৰি আহিছে। তেঁও বাৰিষাৰ চাৰিমাহ বাদ দি ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে কৃষিকৰ্ম কৰি আহিছে। 


 

অৱশ্যে  ভাড়াৰ বিনিময়ত ট্ৰেক্টৰৰ জৰিয়তে মাটি চহ কৰি তেঁও বাৰিষা কাল শেষ হোৱাৰ পিছতে খেতিৰ কাম আৰম্ভ কৰে। এইবেলিও  প্ৰায় ৬  বিঘা মাটিত সৰিয়হ, প্ৰায় ডেৰ বিঘা মাটিত আলু আৰু বাকী মাটিত ভাগে ভাগে নহৰু , পিয়াঁজ, মূলা, লাই শাক, পালেং শাক, বিট পালেঙকে ধৰি বিভিন্ন ঋতুকালীন  খেতি আৰম্ভ কৰিছে । সৰিয়হ সমুহে ৰাণী চাপৰিত হালধীয়া ৰঙৰ এখন চাদৰৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও আলুৰ গুৰীত মাটি দিয়া কাম চলি আছে । তেঁওলোকৰ পৰিয়ালটোৱে ৰাণী চাপৰিত সৰিয়হ খেতি আৰম্ভ কৰাৰ পাছত মিঠাতেল কিনি খাবলগীয়া পৰিস্থিতি  হোৱা নাই। আনকি মাজে সময়ে  মিলত সৰিয়হ পেৰি আনি তাৰ পৰা উৎপাদন হোৱা মিঠাতেল গ্ৰাহকক  বিক্ৰী কৰি আহিছে । একেদৰে আলু আৰু নহৰুও বিক্ৰী কৰি আহিছে। প্ৰয়োজন হলেহে খেতিৰ কামত  হাজিৰা মানুহৰ সহায় লয় । ইয়াৰ বিপৰীতে সাধ্যানুসৰি বেচিভাগ কাম তেঁও নিজেই কৰি আহিছে।

 বিগত বৰ্ষত প্ৰথমবাৰৰ বাবে তেঁও অসম চৰকাৰৰ কৃষি বিভাগৰ  ধাৰাপুৰ কৃষি চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা আলুৰ বীজ লাভ কৰিছিল। অৱশ্যে আলুৰ বীজখিনী উন্নত মানৰ নোহোৱা বাবে ভবামতে আলু উৎপাদন নহল। আনহাতে পাৰিলে সদায় তেঁও পুৱা ৰাণী চাপৰিলৈ নাৱেৰে যায় আৰু সন্ধিয়াৰ আগে আগে ঘৰলৈ উভতি আহে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীভাগ ওফন্দি উঠে বাবে সেই সময়খিনীত তেওঁ খেতিৰ কাম নকৰে। অৱশ্যে তেওঁক দেখি  খেতিৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে ঘৰৰ ওচৰৰে দিপাঞ্জলী দাস নামৰ  আন এজনী মহিলা কৃষকো । যিটো কথাই তেঁওক যথেষ্ট আনন্দিত কৰিছে। ইতিমধ্যে  দিপাঞ্জলী দাসেও তেওঁৰ প্ৰায় ১২ বিঘা মাটিত আলু, ৰঙালাও, ফুলকবিকে ধৰি বিভিন্ন ঋতুকালীন খেতি আৰম্ভ কৰিছে। প্ৰণীতা কলিতা দাসে সদৰি কৰা অনুসৰি স্বামীগৃহৰ পৰা প্ৰায় চাৰে তিনি কিলোমিটাৰ নিলগৰ মাজিৰগাঁও ঠাকুৰীয়াপাৰাত পিতৃগৃহত থাকোতেই তেঁও পিতৃ শৰৎ কলিতা আৰু মাতৃ শয়ান কলিতাৰ  অনুপ্ৰেৰণাত কৃষিকৰ্মত অলপ জড়িত হৈ পৰিছিল ।

 ১৯৯৩ চনত বিবাহপাশত আৱদ্ধ হোৱা প্ৰণীতা কলিতা দাসে স্বামীৰ অনুপ্ৰেৰণাত পলমকৈ হলেও পিতৃগৃহৰ অভিজ্ঞতাক সাৰোগত কৰি ২০১৫ চনৰ পৰা উপাৰ্জনৰ বাবে কৃষিকৰ্মত নিজকে জড়িত কৰে। স্বামীৰ চৰকাৰী চাকৰিৰ সূত্ৰে অলপ পেন্সন লাভ কৰিলেও ঘৰখন সুকলমে পৰিচালনা কৰাৰ লক্ষ্যৰে কৃষিকৰ্মত নিজকে জড়িত কৰিছে। সম্প্রতি ১০ বিঘা মাটিত খেতিৰ জৰিয়তে লাভ কৰা ধনেৰে আৰ্থিকভাবে কিছু হলেও সকাহ লাভ কৰিছে বুলি ৫৫ বছৰীয়া মহিলা কৃষক প্ৰণীতা কলিতা দাসে  মহিলা হলেও তেওঁ কৃষি  কাৰ্যত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই । ইতিমধ্যে বিগত ২০২৫  বৰ্ষত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাণী চাপৰিত কৃষি কৰ্ম কৰি থকা চাৰি শতাধিক কৃষকক খেতি কৰা মাটিৰ বিপৰীতে পট্টা প্ৰদান আৰু বৈদ্যুতিক সংযোগ দিয়া হব  বুলি ঘোষণা কৰিছিল। সেই ঘোষণা অনুসৰি আজাৰা ৰাজহ চক্ৰৰ ফালৰ পৰা মাটিৰ জৰীপ কাৰ্য চলি আছে।

  আজাৰা ৰাজহ চক্ৰৰ লাট মণ্ডলে ৰাণী চাপৰিৰ গাঁও প্ৰধান মনু দাস, গড়ল লাটৰ গাঁও প্ৰধান ভূপেন বৰুৱা আৰু ধাৰাপুৰ লাটৰ গাঁও প্ৰধান ধৰ্মকান্ত কলিতাৰ সহযোগত মাটি সমূহৰ জৰীপ কাৰ্য চলাই আছে। মাটিৰ পট্টা লাভ কৰিলে চৰকাৰৰ পৰা কৃষি বিভাগৰ আন আন আঁচনি সমুহৰ সুফল লাভ কৰিব বুলি প্ৰণীতা কলিতা দাসে আশা ব্যক্ত  কৰিছে। একেদৰে প্ৰথম বাৰৰ বাবে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে বৃহৎ টাৱাৰ সদৃশ খুটা বহুওৱা কাম সম্পূৰ্ণ কৰা হৈছে। আনহাতে ৰাণী চাপৰিত সংযোগ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কিছু নিলগৰ ধাৰাপুৰ ধোপৰতলত ঘাটৰ পৰা এখন ভাসমান দলং নিৰ্মাণ কৰা হৈছে। ফলত কৃষকসকলে উৎপাদিত সামগ্ৰী অনা নিয়া কাৰ্যত পূৰ্বতকৈ বহুখিনী সকাহ লাভ কৰিছে।v

No comments

Powered by Blogger.