Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতা ; আজাৰাত মেট্ৰিক পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ প্ৰদান


 
গুৱাহাটী  ,২০ জানুৱাৰী : নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত আজাৰা গাঁও পঞ্চায়ত এলেকাৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিনামূলীয়াকৈ টেষ্ট পেপাৰ সমূহ প্ৰদান কৰা হয় ।  এই উপলক্ষে ১৯ জানুৱাৰীত আজাৰা গাওঁ পঞ্চায়তৰ কাৰ্যালয় চৌহদত গাওঁ পঞ্চায়তখনৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মুঠ ৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ টেষ্ট পেপাৰ  প্ৰদান কৰে ক্ৰমে - গাওঁ পঞ্চায়তৰ সদস্য - সদস্যা আৰু অভিযন্তা - কৰ্মচাৰী ৰিংকু দাস, পুণ্য বৰা , মাৰছিন ইছলাম , হীৰামণি দাস , হীৰামণি বৰুৱা , জুৰি দাস আৰু প্ৰতিভা দাসে । 

আনহাতে অনুষ্ঠানত  গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে আগন্তুক  হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থী সকলৰ সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সহৃদয়তাৰে গ্ৰহণ কৰা এনে বিশেষ পদক্ষেপৰ আন্তৰিক শলাগ লয় । লগতে পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আৰু অধিক সহায়ৰ হাত আগবঢ়াব বুলি ভাষণ প্ৰসংগত সদৰি কৰে । উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ এনে আদৰ্শনীয় পদক্ষেপক স্থানীয় ৰাইজৰ লগতে উপস্থিত  অভিভাৱকসকলেও কৃতজ্ঞতা জ্ঞাপন কৰে  ।

No comments

Powered by Blogger.