Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

এল এণ্ড টি কোম্পানীৰ উদ্যোগত মাহজোৰা সুৰক্ষা কাৰ্যসূচী ; পলাশবাৰী - শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীৰ স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ

 

গুৱাহাটী, ১৩ জানুৱাৰী  : গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ  মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত প্ৰায় এক বছৰ চাৰি মাহ ধৰি চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম । দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত দলং, সুৰংগ আদিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম থকা লাৰ্চেন এণ্ড টাৰ্বো ( এল এণ্ড টি ) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইফালে দুয়োটা মূৰৰ পৰা চলি থকা দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে দুয়োফালে ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰায় ৭০০ জনৰো অধিক শ্ৰমিক- নিৰ্মাণকৰ্মী দলঙৰ নিৰ্মাণ কাৰ্যৰ সৈতে দিনে - নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। 

আনহাতে দলঙৰ নিৰ্মাণ কাৰ্যৰত জড়িত থকা শ্ৰমিক - নিৰ্মাণকৰ্মী সকলৰ শাৰীৰিক সক্ষমতা আৰু মানসিক  স্বাস্থ্য যাতে অটুত থাকে তাৰ বাবে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিয়ে সময়ে সময়ে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। উল্লেখ্য যে প্ৰতি বছৰে এল এণ্ড টি কোম্পানীয়ে জানুৱাৰী মাহটোক সুৰক্ষা মাহ হিচাপে উদযাপন কৰি আহিছে। দুই জানুৱাৰীৰ দিনা আৰম্ভ হোৱা এই সুৰক্ষা সজাগতা কাৰ্যসূচীৰ দুই ফেব্ৰুৱাৰীত সামৰণি পৰে । এই মাহজোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি শ্ৰমিক আৰু কৰ্মীসকলৰ মাজত ফুটবল , ক্ৰিকেট, দবা, টেবুল টেনিছকে ধৰি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। একেদৰে শ্ৰমিক - কৰ্মীসকলৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চকু, ৰক্তচাপ, ব্লাড চুগাৰ , হৃদৰোগ , ই চি জি আদিকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। ইতিমধ্যে দলঙৰ দুয়োটা ফালে অৰ্থাৎ পলাশবাৰী আৰু শুৱালকুছিত থকা দুটাকৈ বৃহৎ পি চি য়াৰ্ড কাৰ্যালয় চৌহদত সম্প্ৰতি ভাগে ভাগে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাসমূহ চলি আছে । 


 

আনহাতে আজি মাহজোৰা কাৰ্যসূচীৰ অংশ হিচাপে পলাশবাৰী পি চি য়াৰ্ড কাৰ্যালয় চৌহদত স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ অনুষ্ঠিত হয়। গুৱাহাটীৰ মালিগাওঁস্থিত স্বাগত হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ আয়ুস্মান খান্নাৰ নেতৃত্বত তিনিজন চিকিৎসক আৰু  সাতজন স্বাস্থ্যকৰ্মীয়ে শিবিৰত  প্ৰায় ৩০০ জন শ্ৰমিক - কৰ্মীসকলৰ চকু, ৰক্তচাপ, ব্লাড চুগাৰ, হৃদৰোগকে ধৰি সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ উপৰিও চিকিৎসকৰ দলটোৱে শ্ৰমিক - কৰ্মীসকলক কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে স্বাস্থ্য ভালে ৰাখিব বা নিৰোগী হৈ থাকিব পাৰি তাৰ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ।

 শিবিৰত এল এণ্ড টি কোম্পানীৰ সুৰক্ষা বিভাগৰ ( ই এইচ এছ ) মূৰব্বী পংকজ ৰাজপুত, পি চি য়াৰ্ডৰ উপ মহাপ্ৰবন্ধক চন্দন ভাৰতী আৰু সুনিৰমল গিৰিকে ধৰি কেবাজনো জ্যেষ্ঠ কাৰ্যবাহী উপস্থিত থাকে । উল্লেখ্য যে পৰৱৰ্তী স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰ অহা ২০ জানুৱাৰীত শুৱালকুছি পি চি য়াৰ্ড কাৰ্যালয় চৌহদত অনুষ্ঠিত হব।  আনহাতে  দলঙৰ সুৰক্ষা বিভাগৰ মূৰব্বী পংকজ ৰাজপুতে কয় - আমি নদীৰ মাজত খুটা পোতাকে ধৰি অন্যান্য যাৱতীয় নিৰ্মাণ কাৰ্য দিনে নিশাই চলি থকা হেতুকে নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিক - কৰ্মীসকলৰ শাৰীৰিক - মানসিক স্বাস্থ্য যাতে অটুত থাকে সেই দিশটোত অধিক গুৰুত্ব প্ৰদান কৰি অহা হৈছে । আনকি সময়ে সময়ে গুৱাহাটীৰ আজাৰা পাটগাঁৱত থকা প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ( এন ডি আৰ এফ) ৰ সহযোগত দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰো আয়োজন কৰি অহা হৈছে। যাতে কাৰো  জীৱন আৰু সম্পত্তি হেৰুৱাব লগীয়া নহয় । 


 

উল্লেখ্য যে  ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ  আৰু উত্তৰ পাৰৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ  ওপৰত বিগত ২০২৪  বৰ্ষৰ  শেষৰ পৰাই চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম।  দুয়োপাৰ সংযোগ কৰি দলংখনৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হৈ উঠিলে বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা  মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাকে ধৰি কাষৰীয়া বৃহত্তৰ পলাশবাৰী  অঞ্চলতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব । আনকি ব্যবসায় - বাণিজ্যৰ ক্ষেত্ৰখনৰ  উন্নয়ন সাধন হোৱাৰ লগতে  যাতায়ত ব্যৱস্থাও সুচল হৈ পৰিব। 

অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প চমুকৈ ই এ পি আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা দলংসহ চাৰিলেনযুক্ত পথটোৰ মুঠ দৈৰ্ঘ্য হব ১২.২১ কিলোমিটাৰ আৰু বহল হব ২৮ মিটাৰ । দলঙৰ পানীৰ ওপৰত থকা অংশখিনীৰ দৈৰ্ঘ্য হব ৩.৬ কিলোমিটাৰ । 

নিউ ডেভলপমেণ্ট বেংকৰ প্ৰায় ৩,২০০  কৌটি টকাৰ ঋণৰে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ  ই এ পি আঁচনিৰ  অধীনত দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে । আনহাতে ২০২৮ চনৰ ভিতৰত  দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  ঘোষণা কৰিছিল  । বৰ্ত্তমান দলংখনৰ নিৰ্মাণ কাৰ্য  ৩৩ শতাংশৰো অধিক সম্পন্ন হোৱা বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সূত্ৰই সদৰি কৰিছে।

No comments

Powered by Blogger.