মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ
তেজপুৰ ৩ জানুয়াৰি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰ ঠেলামৰা ঘাটগাঁও ৰাজহুৱা খেলপথাৰত আয়োজিত এখন বিশাল জনসভাত বৰছলা বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷
সমষ্টিটোত সৰ্বমুঠ ৩০,৬৫৫গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ চেক লাভ কৰিছে।
একেখন সভাৰ পৰাই আভাসীয়ভাৱে মু্খ্যমন্ত্ৰীয়ে ৩০৬ কোটি টকা প্ৰকল্প ব্যয়েৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মাণ হ'বলগীয়া ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু ৩৫ কোটি টকা প্ৰকল্প ব্যয়েৰে নিজ-বিহগুৰিত নিৰ্মাণ হ'বলগীয়া কর্মবীৰ চন্দ্ৰনাথ শর্মা চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়ৰ শিলান্যাস কৰে৷ লগতে মুখ্যমন্ত্ৰীয়ে ১১ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা সৰকাহাট মিনি ষ্টেডিয়ামৰ আভাসীয়ভাৱে উদ্বোধন কৰে৷


No comments