Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰী জাতীয় বিদ্যালয়ত অনুষ্ঠিত লেখিকা মিনুৰেখা গগৈৰ তৃতীয়খন গ্ৰন্থ শুভ উন্মোচন।


 

গুয়াহাটি  ৩ জানুয়াৰি   আজি জালুকবাৰী জাতীয় বিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ  অনুষ্ঠানত লেখিকা মিনুৰেখা গগৈৰ তৃতীয়খন গ্ৰন্থ 'এজাক_বৰষুণৰ_অপেক্ষাত ( ইতিপূৰ্বে বিস্ময়,প্ৰিয় সখী,গৰীয়সী আদিত প্ৰকাশিত গল্পবিলাকৰ  সংকলন)ৰ শুভ উন্মোচন হৈ যায় । উন্মোচন কৰে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু হস্পিতেলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অধ্যাপক ডাঃ ভৱেশ দাসদেৱে । উন্মোচকৰ বক্তব্য ৰাখি তেখেতে মত পোষণ কৰে যে বিদ্যালয়বিলাকত এইদৰে সাহিত্যৰ লগত জড়িত অনুষ্ঠানবিলাক অনুষ্ঠিত হৈ থাকিব লাগে ,তেতিয়াহে ছাত্ৰ-ছাত্ৰীসকলৰ মাৰ্গদৰ্শন হয় । জালুকবাৰী জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী সংগীতশিল্পী মঞ্জুশ্ৰী দাসৰ এটি সুৱদী কণ্ঠৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে  অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীদেৱে ।


 গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকি ৰসগ্ৰাহী বক্তৃতা আগবঢ়ায় জালুকবাৰী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিশিষ্ট কবি শ্ৰীযুত ৰবিন চন্দ্ৰ ৰাজবংশীদেৱে । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত কমল কলিতা আৰু সম্পাদক শ্ৰীযুত দেৱেন দাসেও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজ নিজ বক্তব্য আগবঢ়ায় । বিদ্যালয়ৰ মাননীয় অধ্যক্ষ শ্ৰীযুত অৰবিন্দ আৰন্ধৰাদেৱে নিৰ্দিষ্ট বক্তা হিচাপে সাৰুৱা বক্তব্য ৰাখে। লেখিকাই গ্ৰন্থ উন্মোচনৰ বাবে বিদ্যালয়খন বাছনি কৰি লোৱাৰ বাবে তেওঁ লেখিকাক ধন্যবাদ যাচে । বিশিষ্ট কবি তথা মহানগৰীৰ দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী  পূৰৱী চুতীয়াই সভাত এটি কবিতা পাঠ কৰে । গ্ৰন্থ প্ৰকাশক তথা ৰেইনচফ্ট এডভাৰটাইজিং এণ্ড পাব্লিছিং , কাজিৰঙা অফচেট প্ৰিণ্টাৰ্ছৰ স্বত্বাধিকাৰ ধনজিত দাসেও অনুষ্ঠানটিত উপস্থিত থাকি সোণত সুৱগা চৰালে ।

No comments

Powered by Blogger.