Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড⁰ হেমেন কুমাৰ কলিতাৰ বায়ুসেনাৰ ফ্লায়িং অফিচাৰ হিচাপে নিযুক্তি লাভ


গুৱাহাটী, ডিচেম্বৰ ৩১, ২০২৫ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত এক গৌৰৱময় অধ্যায়ৰ সংযোজন হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° হেমেন কুমাৰ কলিতাই ভাৰতীয় বায়ুসেনাত ফ্লায়িং অফিচাৰ হিচাপে সফলতাৰে নিযুক্তি লাভ কৰিছে। শৈক্ষিক দায়িত্ব পালন কৰি থকা অৱস্থাত ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম শিক্ষক হিচাপে এই সাফল্য অৰ্জন কৰি ড° কলিতাই বিশ্ববিদ্যালয়ৰ লগতে এনচিচি লৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে।

বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই উক্ত সফলতা সম্পৰ্কে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰি উল্লেখ কৰে যে, "ড° হেমেন কুমাৰ কলিতাৰ এই সাফল্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এক গৌৰৱৰ বিষয়। শৈক্ষিক দায়িত্বৰ সৈতে দেশৰ বাবে সেৱা আগবঢ়োৱাৰ তেওঁৰ এই দৃষ্টান্তই আমাৰ শিক্ষক তথা  ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা যোগাব। তেওঁৰ এই গৌৰৱময় সাফল্যৰ বাবে আন্তৰিক অভিনন্দন জনাই ভৱিষ্যত জীৱনৰ বাবে শুভকামনা জনাইছোঁ।" 

ড° কলিতাই কঠোৰ আৰু প্ৰত্যাহ্বানমূলক প্ৰি-কমিছন প্ৰশিক্ষণ (PRCN) সফলতাৰে সম্পূৰ্ণ কৰি সমগ্ৰ প্ৰশিক্ষণকালত শৃঙ্খলা, নেতৃত্বগুণ আৰু পেছাদাৰী দক্ষতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। ১ ছেপ্টেম্বৰ পৰা ২০ ছেপ্টেম্বৰ ২০২৫ লৈ অফিচাৰ্ছ ট্ৰেইনিং একাডেমী (OTA)ত আৰু ২৭ অক্টোবৰ পৰা ২৭ ডিচেম্বৰ, ২০২৫ লৈ এয়াৰ ফ’ৰ্চ ষ্টেচন (AFS), তাম্বাৰামত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণকালত তেওঁ কঠোৰ শাৰীৰিক প্ৰশিক্ষণ, সামৰিক দিশ-নিৰ্দেশনা আৰু নেতৃত্ব বিকাশমূলক অনুশীলনৰ মাজেৰে সামগ্ৰিক প্ৰদৰ্শনত ‘A’ গ্ৰেড লাভ কৰে। উল্লেখযোগ্য যে ২০২৫ চনৰ ২৬ ডিচেম্বৰ তাৰিখে এয়াৰ ফ’ৰ্চ ষ্টেচন (AFS), তাম্বাৰামত ভাৰতীয় বায়ুসেনাৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা অনুষ্ঠানত তেওঁ এই পদবী লাভ কৰে। 

নতুন দায়িত্বত ড° হেমেন কুমাৰ কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনচিচি কেডেটসকলক প্ৰশিক্ষণ, দিশনিৰ্দেশনা আৰু প্ৰেৰণা প্ৰদান কৰি তেওঁলোকক সততা, সেৱা আৰু দেশপ্ৰেমৰ মূল্যবোধৰ জৰিয়তে কৰ্মজীৱন গঢ়িবলৈ উৎসাহিত কৰিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গই ড⁰ হেমেন কুমাৰ কলিতাক উক্ত অভূতপৰ্ব সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

No comments

Powered by Blogger.