Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

৪ জানুৱাৰীত লক্ষেশ্বৰ কলিতা সোঁৱৰণী শিশু উপযোগী গল্প প্রতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান

গুৱাহাটী  , ৩১ ডিচেম্বৰ  : গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ  লংকেশ্বৰৰ প্ৰয়াত লক্ষেশ্বৰ কলিতা শৈক্ষিক ন্যাসৰ উদ্যোগত অসম ভিত্তিত অনুষ্ঠিত  শিশু উপযোগী গল্প প্ৰতিযোগিতাৰ  বিজয়ী প্রতিযোগীসকলক অহা  ৪ জানুৱাৰীত  লংকেশ্বৰস্থিত বাসগৃহত  প্ৰয়াত লক্ষেশ্বৰ কলিতাৰ জন্মবার্ষিকী উপলক্ষে আয়োজিত হবলগীয়া  এক অনুষ্ঠানত  পূৰস্কাৰ আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হ'ব । 

 ন্যাসৰ হৈ অন্নদা কলিতা , গিৰিণ দাস , মুকুল কলিতা , বুবুল কলিতা আৰু ৰুবুল কলিতাই  জানিবলৈ দিয়া মতে সিদিনা দিনৰ ১১ বজাৰ পৰা প্ৰয়াত লক্ষেশ্বৰ কলিতাৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি হবলগীয়া অনুষ্ঠানটোত  কবিতা আবৃত্তি , সংগীত আৰু অন্তৰংগ ব্যাক্যালাপৰ  অনুষ্ঠিত হব । 

উল্লেখ্য যে  প্ৰতিযোগিতাত  ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা প্ৰতিযোগীসকলৰ ভিতৰত বিচাৰক মণ্ডলীয়ে কৰা ঘোষণা অনুসৰি প্রথম পুৰস্কাৰ লাভ কৰিছে বিদিশা দত্তৰ 'গলি যোৱা পৃথিৱী' নামৰ গল্পটোৱে , দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে– ববিতা কলিতাৰ 'পুতলা ঘৰ' নামৰ গল্পটোৱে আৰু তৃতীয় পুৰস্কাৰ লাভ  কৰিছে – অজ্ঞনা দত্তৰ অনুশোচনা' নামৰ গল্পটোৱে ।

No comments

Powered by Blogger.