Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীত বন্যহস্তীৰ তাণ্ডৱ বাসগৃহ ভাঙি লণ্ডভণ্ড কথমপি প্ৰাণৰক্ষা গৃহস্থৰ


 
গুৱাহাটী ,২২ ডিচেম্বৰ: মহানগৰীৰ সমীপৱৰ্তী ৰাণীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব । হাতীৰ জাকে প্ৰতিনিশাই চলোৱা তাণ্ডবৰ বাবে সাধাৰণ ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে । কালি নিশাও বন্যহস্তীৰ এটা জাকে ৰাণীৰ নালাপাৰাত উপদ্ৰব চলাই আতংকৰ সৃষ্টি কৰে । হাতীৰ জাকটোৱে নালাপাৰাৰ দিপু গৌড় আৰু উৎপল ওৰাঙৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে যদিও গৃহস্থ সকলে কথমপি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় । হাতীৰ জাকটোৱে বছৰটোৰ বাবে গোটাই থোৱা ধান খাই নষ্ট কৰাত পৰিয়াল কেইটাই মুৰে-কপালে হাত দিবলগীয়া হৈছে । তদুপৰি হাতীৰ জাকটোৱে ঘৰৰ ভিতৰৰ টিভি , আলমিৰা ভাঙি ব্যাপক ক্ষতিসাধন কৰে । ঘটনাৰ খবৰ পাই বন বিভাগৰ এটি দল উপস্থিত হৈ শুণ্যলৈ গুলী ফুটাই হাতীৰ জাকটোক আতৰাই পঠাবলৈ সক্ষম হয় ।


 

No comments

Powered by Blogger.