উমশ্ৰুত দুদিনীয়াকৈ শুভ বৰদিন উদযাপন আয়োজন; #খ্ৰীষ্টধৰ্মী সকললৈ শুভেচ্ছা নিখিল ৰাভা জাতীয় পৰিষদৰ
গুৱাহাটী, ২৩ডিচেম্বৰঃ পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমাঞ্চলৰ উমশ্ৰুত ২৪ ডিচেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শুভ বৰদিন উদযাপনৰ দিহা কৰিছে। উমশ্ৰু বাপিষ্ট মণ্ডলীৰ উদ্যোগত উদযাপন কৰা হ’ব শুভ বৰদিন। কাৰ্যসূচী অনুসৰি– ২৪ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাত দুৱাৰ মুকলি আৰু কৰ্মকৰ্তা সকলক আসনলৈ আহ্বানেৰে বৰদিনৰ সূচী শুভাৰম্ভ কৰিব প্ৰহ্লাদ ৰাভাই।
২৫ডিচেম্বৰত দিনৰ ১১বজাৰ পৰা স্তুতি প্ৰশংসাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। তাৰপাছত শাস্ত্ৰ বাক্য পাঠ কৰিব মৌচুমী ৰাভাই। উক্ত দিনৰ সন্ধিয়া ছয় বজাৰ পৰা নিশালৈকে কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰা হ’ব। এইবেলি বৰদিনৰ কাৰ্যসূচীত মুখ্য শিক্ষক হিচাপে উপস্থিত থাকি শিক্ষা প্ৰদান কৰিব দৰং জিলাৰ ৰৌতাৰ ভালুকমাৰী বাপ্তিষ্ট মণ্ডলীৰ ইলী দৈমাৰীয়ে। আয়োজক সকলে বৰদিনৰ কাৰ্যসূচী সুচাৰুৰূপে চলাই নিবলৈ অমৃত দলৈক সভাপতি, পল্লব ৰাভাক উপ–সভাপতি আৰু অনুপ ৰাভাক পালক হিচাবেলৈ এখন কাৰ্যকৰী কমিটী গঠন কৰিছে।
ইপিনে ৰাজ্যখনৰ খ্ৰীষ্টধৰ্মীলোক সকলৰ সমাগত পবিত্ৰ বৰদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে ৰাভাসকলৰ পিতৃ সংগঠন নিখিল ৰাভা জাতীয় পৰিষদে। পৰিষদৰ কেন্দ্ৰীয় সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই কয়– প্ৰভূ যীচুৰ বাণীয়ে ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠীৰ মাজলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনিব। পবিত্ৰ বৰদিন শান্তিপূৰ্ণভাৱে উদযাপন হওক তাৰেই কামনা কৰে সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়া দুগৰাকীয়ে।
No comments