ৰাণীত বন বিভাগে হাতী খেদিবলৈ কৃষক ৰাইজক টৰ্চ লাইট প্ৰদান
গুৱাহাটী , ২৩ ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ পাশ্বৱর্তী অসম মেঘালয় সীমান্তবৰ্তী বৃহত্তৰ ৰাণী অঞ্চলত দিনক দিনে বনৰীয়া হাতীৰ উপদ্রব বৃদ্ধি পাইছে । নিশা হলেই অঞ্চলটোৰ কেবাখনো গাওঁত বন্যহস্তী প্ৰৱেশ কৰি তাণ্ডৱ চলায় । উল্লেখ্য যে নিশা খাদ্যৰ সন্ধনত ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায়েই হাতী ওলাই আহি কেবাটাও খেতিয়কৰ ঘৰৰ ভঁৰালত থোৱা ধান খাই তহিলং কৰিছে ।
কেবল এয়াই নহয় গাওঁত প্ৰৱেশ কৰি কল, কুহিয়াৰ,খাই বিনষ্ট কৰিছে। জানিব পৰা মতে, দুদিন পূৰ্বে খপেগাওঁ, চেচা,বৰপ্ৰতিমা, ফুলগুৰী পুখুৰীপাৰ, বিক্রমপুৰ আৰু ভাল্লাকে ধৰি কেবাখান গাওঁত সোমাই খেতিয়ক সকলৰ শাক পাচলি খাই আৰু ঘৰ দুৱাৰ ভাঙি হাতীয়ে বিনষ্ট কৰি আহিছে ।
সেয়েহে আজি বৰপ্ৰতিমা গাঁৱত আয়োজিত এক অনুষ্ঠানত ৰাণীৰ বনাঞ্চলিক বিষয়া ৰজী বৰ্মনৰ নেতৃত্বত বনকৰ্মী আৰু হাতী প্ৰতিৰোধ কৰাৰ বাবে গঠন কৰা কমিটিৰ সদস্যসকলে প্ৰথম পৰ্যায়ত বেছিকৈ হাতীৰ উপদ্ৰৱ হোৱা গাঁৱৰ ১৫ জন কৃষকক হাতী খেদিবলৈ টৰ্চ লাইট বিতৰণ কৰে। লগতে যিসকল লোকৰ ঘৰ দুৱাৰ ভাঙিছে তেওঁলোকক বিভাগৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজক বনৰীয়া হাতীয়ে নষ্ট কৰা শস্যৰ ক্ষতিপূৰণ আদায়ৰ ব্যবস্থা গ্রহণ কৰা হব বুলি ৰাইজক অৱগত কৰে।।

No comments