Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

ৰাণীৰ পৰা মেঘালয় সংযোগী এন ই চি পথৰ দলঙৰ দুৰৱস্থা : বন্ধ হৈ পৰিল যাতায়ত ব্যৱস্থা ; পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ বিধায়কক তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী



গুৱাহাটী  , ২৪ ডিচেম্বৰ : মহানগৰীৰ পশ্চিম প্ৰান্তৰ  ৰাণীৰ পৰা শুকুৰবৰীয়া হৈ মেঘালয় সংযোগী   এন ই চি  পথটো অসম - মেঘালয় সীমান্তবৰ্তী অঞ্চলসমূহৰ জনসাধাৰণে যাতায়তৰ বাবে ব্যৱহাৰ কৰি আহিছে। আনকি অঞ্চলটোৰ লগতে পথচোৱাৰ নান্দনিক সৌন্দৰ্য্যৰ বাবে দক্ষিণ কামৰূপৰ দিশৰ পৰা , চেৰাপুঞ্জী , মৌছিনৰাম , ডাউকী,  মৈৰাং,  শ্বিলংসহ মেঘালয়ৰ বিভিন্ন অঞ্চললৈ অহা-যোৱা কৰা বহু লোকে সেই পথটো ব্যৱহাৰ কৰে ।

পৰিতাপৰ কথা যে ৰাণীৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ নালাপাৰাত  পথত থকা দলং এখন যাতায়তৰ একেবাৰে অনুপযোগী হৈ পৰিছে। যাৰ বাবে বিগত কেইবাদিনো ধৰি এন ই চি পথেৰে  যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। পথটোৰ সেই স্থানত অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগে দুয়ো ফালে মাটি পেলাই অহা-যোৱাৰ বাবে বন্ধ কৰি ৰাখিছে। এনেদৰে কেইবাদিনো ধৰি এই পথটো বন্ধ হৈ থকাৰ পিছতো সংশ্লিষ্ট বিভাগে  কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই। 

আনকি আজিলৈকে কোনো বিকল্প ব্যৱস্থাও গ্ৰহণ কৰা নাই। ফলস্বৰূপে গুৱাহাটী পৰা মেঘালয় ( চানডুবিৰ  দিশে) যাতায়ত কৰা লোকৰ লগতে মেঘালয়ৰ পৰা অসমলৈ  অহা- যোৱা কৰা  সাধাৰণ যাত্ৰী, ব্যৱসায়ী আৰু ৰোগীসকল  ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। উক্ত পথটো অতি গুৰুত্বপূৰ্ণ যোগাযোগ মাধ্যম হোৱাৰ পিছতো বিভাগীয় উদাসীনতাৰ বাবে অঞ্চলবাসী তথা পথচাৰীসকল ক্ষোভিত হৈ পৰিছে। শীঘ্ৰে দলংখন মেৰামতি কৰি যাতায়ত স্বাভাৱিক কৰাৰ লগতে বিকল্প পথৰ ব্যৱস্থাও কৰাৰ বাবে  পশ্চিম গুৱাহাটী আৰু পলাশবাৰীৰ দুই বিধায়কৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৎকালে হস্তক্ষেপ দাবী কৰিছো অঞ্চলটোৰ ৰাইজৰ লগতে পথচোৱা ব্যৱহাৰকাৰীসকলে ।

No comments

Powered by Blogger.