চি আৰ পি এফৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানৰ ৰাণীৰ ১৭৫ বেটেলিয়ানৰ মূখ্য কাৰ্যাল়য় পৰিদৰ্শন
গুৱাহাটী , 15 ডিচেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটী ৰেঞ্জৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানে বাৰ্ষিক পৰিদৰ্শনৰ অংশ হিচাপে ১২ আৰু ১৩ ডিচেম্বৰত বাহিনীটোৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদ পৰিদৰ্শন কৰে। ১২ ডিচেম্বৰত উপ মহা পৰিদৰ্শক মহম্মদ জামাল খানক মুখ্য কাৰ্যালয় চৌহদত আদৰণি ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই।
তাৰ পাছত বেটেলিয়ানৰ বিষয়া- জোৱান সকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত উপ মহা পৰিদৰ্শক খানে চৌহদত থকা অফিচাৰ মেছ, সহযোগী বিষয়া মেছ, ডি আৰু ই কোম্পানীৰ কাৰ্যালয়কে ধৰি চৌহদত থকা বাহিনীটোৰ সকলো প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত ১৭৫ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ উপৰিও চেকেণ্ড - ইন - কমাণ্ড মুকুন্দ মহান আৰু অমিত সিনহা , সহকাৰী কমাডেণ্ট জয় প্ৰকাশ কুমাৰ, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া, জোৱান উপস্থিত আছিল।
আনহাতে উপ মহা পৰিদৰ্শক খানৰ সন্মানাৰ্থে ১২ ডিচেম্বৰৰ দিনা সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । সাংস্কৃতিক অনুষ্ঠানত বাহিনীটোৰ কেবাজনো বিষয়া , জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেশপ্ৰেমমুলক নৃত্য , গীত, গীতি আলেখ্য , চুটি নাট প্ৰদৰ্শন কৰাৰ লগতে কবিতা আবৃত্তি কৰে।

No comments