বিহু নৃত্যৰে অসম কন্যা দিদৃক্ষা সোনোৱালক বিমান বন্দৰত আদৰণি।
গুৱাহাটী ১৮ অক্টোবৰ : ৩০ ছেকেণ্ডত ৭২ বাৰ টাকুৰী ঘূৰা দি নাচি বিহু নৃত্যৰে অসম কন্যা দিদৃক্ষা সোনোৱালে বিশ্বাভিলেখ গঢ়ি 'ৱৰ্ল্ড ৱাইড বুক অব্ ৰেকৰ্ডছ', 'গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছ'ত সন্নিবিষ্ট কৰিলে নিজৰ নাম । তিনিটাকৈ অভিলেখেৰে দিদৃক্ষাই গৌৰৱ কঢ়িয়াইছে অসমলৈ। নিৰৱচ্ছিন্ন সাধনা আৰু কঠোৰ অনুশীলনেৰে বিহু নৃত্যক পুনৰবাৰ বিশ্ব প্রেক্ষাপটত প্রতিষ্ঠা কৰিলে অসম জীয়ৰীগৰাকীয়ে।
পেছাত এগৰাকী অভিযন্তা গুৱাহাটীৰ মালিগাঁৱৰ জীয়ৰী দিদৃক্ষাই 'বৰ্ল্ড বাইড বুক্ অব্ ৰেকৰ্ডৰ্ছ' আৰু 'গ'ল্ডেন বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডহৃত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। একেদৰে 'ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ'তো অন্তর্ভুক্ত হৈছে দিদৃক্ষাৰ নাম। কর্মসূত্রে মুম্বাইৰ থানেত বসবাস কৰা অসম কন্যাগৰাকীৰ মাতৃ ৰীণা দেৱী হাজৰিকা আৰু পিতৃ অচিত্র সোনোৱাল। তিনিচুকীয়াৰ মূল বাসিন্দা দিদৃক্ষাৰ পিতৃ-মাতৃয়ে মালিগাঁৱত চাকৰিসূত্রে স্থায়ীভাবে বসবাস কৰি আহিছে । আজি দিনৰ ভাগত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা দিদৃক্ষা সোনোৱালক বহু দল সংগঠনে গামোচা জাপিৰে উস্ম আদৰণি জনায়।


No comments