Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনাচক্ৰ


গুৱাহাটী, ২ নৱেম্বৰ, ২০২৬ : বালিপৰা ফাউণ্ডেচনৰ  উদ্যোগত 'তৃতীয় মেৰু আৰু পূব হিমালয়ৰ ভৱিষ্যৎ' মূল বিষয়ক লৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ অংশ হিচাপে ভাৰতৰ লগতে জাপান, ভুটান, নেপাল, ম্যানমাৰ, থাইলেণ্ড, আমেৰিকা আৰু নিউজিলেণ্ডৰ আগশাৰীৰ বিজ্ঞানী, গৱেষক, নীতি নিৰ্ধাৰক, উদ্যোগী আৰু অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে ২ নৱেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে 'বহনক্ষম ভূমিৰ ভৱিষ্যৎ' শীৰ্ষক বিষয়ত এক উচ্চ পৰ্যায়ৰ আলোচনা সম্পন্ন হয়। 

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণেৰে অনুষ্ঠিত উক্ত আলোচনাচক্ৰত পূব হিমালয় অঞ্চলৰ দেশসমূহে সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগ, ইয়াৰ আঞ্চলিক আৰু গোলকীয় প্ৰভাৱ তথা মোকাবিলাৰ সম্ভাৱ্য উপায়সমূহৰ বিষয়ে বৈজ্ঞানিক দৃষ্টিভংগীৰে বিস্তৃত আলোচনা কৰা হয়।

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে বিষয়বস্তুৰ সৈতে সংগতি ৰাখি নিজৰ বক্তৃতাত উল্লেখ কৰে যে, “আমাৰ ভূমি আৰু পৰিৱেশৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কেৱল বহনক্ষম উন্নয়নেই যথেষ্ট নহয়। ইতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা ভূমি পুনৰুদ্ধাৰ কৰা, মাটিৰ উৰ্বৰতা ঘূৰাই অনা আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাটোও সমানেই জৰুৰী। মাটি আমাৰ জীৱন আৰু কৃষিৰ ভেটি। প্ৰকৃতিয়ে এচপৰা উৰ্বৰ মাটি সৃষ্টি কৰিবলৈ শ শ বছৰ সময় লয়, অথচ এজাক প্ৰবল বৰষুণতে উদং পাহাৰৰ পৰা সেই মাটি উটি যাব পাৰে। সেয়েহে এনে কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটাব লাগিব, যিয়ে খাদ্য উৎপাদনৰ লগতে মাটিৰ স্বাস্থ্য উন্নত কৰে, পানী সংৰক্ষণ কৰে আৰু প্ৰাকৃতিক পৰিৱেশক পুনৰ সুস্থ কৰি তোলে।

বৰ্তমানৰ পৰিপ্ৰেক্ষিতত এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। পাহাৰ, বনাঞ্চল, কৃষিভূমি, জলাশয় আৰু নদ-নদী পৰস্পৰৰ সৈতে গভীৰভাৱে জড়িত। পাহাৰৰ ভূমিক্ষয়ৰ ফলত বৈ অহা পলসে নামনি অঞ্চলৰ নদ-নদী, কৃষিভূমি আৰু জনজীৱনত প্ৰভাৱ পেলায়। ধেমাজি, বৰপেটা আৰু মাজুলীৰ দৰে অঞ্চলৰ বানপানীৰ সমস্যাই এই বাস্তৱতাক প্ৰতিফলিত কৰে। অসমৰ প্ৰায় ৪০ শতাংশ অঞ্চল বানৰ আশংকাত থকাৰ পৰিপ্ৰেক্ষিতত ভূমি আৰু জলসম্পদৰ ব্যৱস্থাপনা একেলগে কৰাটো প্ৰয়োজনীয়।

কোনো কৃষি পদ্ধতি প্ৰকৃতাৰ্থত পুনৰুজ্জীৱনমূলক হয়নে নহয় - মাটিৰ অৱস্থা, পানী সংৰক্ষণ আৰু কৃষকৰ কল্যাণৰ জৰিয়তে ইয়াক নিৰ্ণয় কৰিব পাৰি। মাটিৰ উৰ্বৰতা আৰু পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পাইছেনে, ভূমিয়ে পানী শোষণ কৰি ভূমিক্ষয় ৰোধ কৰিছেনে আৰু কৃষকৰ উপাৰ্জন তথা জীৱন-ধাৰণৰ মান উন্নত হৈছেনে - এই দিশসমূহেই সফলতাৰ প্ৰকৃত মাপকাঠি।

পূব হিমালয়ৰ বিভিন্ন জনগোষ্ঠীয়ে যুগ যুগ ধৰি নিজৰ পৰম্পৰাগত জ্ঞান আৰু অভিজ্ঞতাৰে প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। অৰুণাচল প্ৰদেশৰ জিৰোৰ আপাটানি জনগোষ্ঠীৰ শতিকা পুৰণি ‘আজি-নি’ ধান-মাছৰ সমন্বিত কৃষি ব্যৱস্থা, নাগালেণ্ডৰ ফেক জিলাৰ প্ৰায় ৫০০ বছৰ পুৰণি ‘জাবো’ পদ্ধতি এক উৎকৃষ্ট উদাহৰণ। এই পদ্ধতিসমূহে পানী সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃদ্ধি, ভূমিক্ষয় ৰোধ আৰু কৃষিৰ সৈতে প্ৰাকৃতিক সম্পদৰ সুন্দৰ সমন্বয় সাধন কৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদো জীৱ-বৈচিত্ৰ্য সংৰক্ষণৰ এক উল্লেখয্যোগ্য উদাহৰণ। 

প্ৰকৃতি সংৰক্ষণৰ বহু মূল্যৱান শিক্ষা আমাৰ পৰম্পৰাগত জ্ঞানৰ মাজতেই নিহিত হৈ আছে। এতিয়া প্ৰয়োজন হৈছে এই জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে সংযোগ কৰি আগবঢ়াই নিয়াৰ। আমাৰ লক্ষ্য কেৱল ভূমিৰ অৱক্ষয় ৰোধ কৰাই নহয়। মাটিৰ উৰ্বৰতা ঘূৰাই অনা, জীৱবৈচিত্ৰ্য সংৰক্ষণ কৰা, জলসম্পদৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা আৰু কৃষকৰ জীৱন-জীৱিকা উন্নত কৰাও হ’ব লাগিব। কাৰণ প্ৰকৃতিক সুস্থ কৰি ৰাখিলেহে আমাৰ জীৱন আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুৰক্ষিত, সমৃদ্ধিশালী আৰু বহনক্ষম পৃথিৱী গঢ়ি তুলিব পাৰিম।”

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দ্বীপজ্যোতি ৰাজখোৱাই নিজৰ মন্তব্যত উল্লেখ কৰে যে, “জলবায়ু পৰিৱৰ্তনৰ সংকটৰ সময়ত উত্তৰ-পূৰ্বাঞ্চল আৰু সমগ্ৰ হিমালয়ৰ কেৱল সংৰক্ষণৰ নহয়, পুনৰুদ্ধাৰৰ প্ৰয়োজন। বহনক্ষমতা আৰু পুন:উৎপাদনশীল ভূমি ব্যৱস্থাপনাৰ জৰিয়তে প্ৰকৃতিৰ ভাৰসাম্য পুনৰ প্ৰতিষ্ঠা কৰাটো আমাৰ দায়িত্ব, কাৰণ হিমালয়ক ৰক্ষা কৰা মানেই আমাৰ ভৱিষ্যতক সুৰক্ষিত কৰা।”

উদ্বোধনী অনুষ্ঠানত টাটা ষ্টাৰবাৰ্কছ ইণ্ডিয়াৰ চীফ অপাৰেটিং অফিচাৰ আদ্ৰিত মিশ্ৰ, ট্ৰি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক ড⁰ মাৰ্গাৰেট ডি ল'মেন, ৰিজিঅনেল ষ্ট্ৰেটেজি এণ্ড ইক'চিষ্টেম, টি এছ এ টিৰ মুৰব্বী ভাস্বতী শৰ্মা বৰঠাকুৰে বিষয়বস্তুৰ লগত সংগতি ৰাখি পূব হিমালয়ৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে। 

উক্ত অনুষ্ঠানতে ড⁰ জিণ্টু শৰ্মা, ড⁰ দীপাংকৰ বৰা আৰু  নিকু দাসৰ WILD PLANTS OF ASSAM-I: A PICTORIAL GUIDE শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। 

অনুষ্ঠানৰ অংশ হিচাপে বিশিষ্ট বিজ্ঞানী, গৱেষক, নীতি-নিৰ্ধাৰক, উদ্যোগী আৰু বিভিন্ন ক্ষেত্ৰৰ প্ৰতিনিধিসকলে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱ আৰু বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰৰ সৈতে শৈক্ষিক উৎকৰ্ষ সাধন, গৱেষণাৰ প্ৰসাৰ, উদ্ভাৱন তথা উদ্যোগিক বিকাশৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত মত-বিনিময় আৰু বিস্তৃত আলোচনা কৰে।

দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ বিভিন্ন গুৰুত্বপূৰ্ণ সত্ৰত ‘Building a Roadmap for Regenerative Landscapes in the Eastern Himalaya’ আৰু ‘Regenerating the Land: Case Stories from the Field’ আদি বিষয়ক কেন্দ্ৰ কৰি বিস্তৃত আলোচনা আৰু মত-বিনিময় অনুষ্ঠান সম্পন্ন  হয়।

No comments

Powered by Blogger.