আই এ এছ এছটিৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন
জালুকবাৰী ,২২ অক্টোবৰ : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ গুৱাহাটীৰ পশ্চিম বৰাগাওঁস্থিত ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি ইন ছায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিৰ ৪৮সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ৩ নৱেম্বৰত অনুষ্ঠিত হব । আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে জানিবলৈ দিয়া প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকসকলেও অংশগ্ৰহণ কৰিব।
অনুষ্ঠানত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান ( আই আই এছ চি ), বেংগালুৰুৰ অধ্যাপক ৰাঘৱন বৰদৰাজনে ডঃ চি ভি ৰমণ জনপ্ৰিয় বিজ্ঞান বক্তৃতা আৰু ভাৰতীয় জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠান ( আই আই এ ) ৰ সঞ্চালক অধ্যাপক অন্নপূৰ্ণী সুব্ৰমণিয়ামে ডঃ ডৰথী হ’জকিন জনপ্ৰিয় বিজ্ঞান বক্তৃতা প্ৰদান কৰিব। ইয়াৰ উপৰি পি এইচ ডি ডিগ্ৰীধাৰী আৰু বঁটাপ্ৰাপক শিক্ষকসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হব। আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।
No comments