Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত ‘স্থিতিস্থাপক ব্যৱসায়িক পৰিৱেশ’ বিষয়ক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ


 

গুৱাহাটী ৬ অক্টোবৰ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত “বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিৱেশত স্থিতিস্থাপক ব্যৱসায়িক পৰিৱেশ সৃষ্টি” শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰখন আজিৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে । বন্তি প্ৰজ্বলনৰে আলোচনা চক্ৰ উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই । উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি বাণিজ্য বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত পৰিৱেশন কৰে । অনুষ্ঠানত  বিশিষ্ট অতিথি, প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদৰ ডীন অধ্যাপক প্ৰশান্ত শৰ্মাই । অনুষ্ঠানত  নাবাৰ্ডৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ মহাপ্ৰবন্ধক  ক্বমৰ জাভেদে অনুষ্ঠানত ভাষণ প্ৰদান কৰি ব্যৱসায়িক আৰু অৰ্থনৈতিক পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানগত সহায় আৰু বহনক্ষম পদ্ধতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

উদ্বোধনী অধিৱেশনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তিনিগৰাকী বিশিষ্ট সমল ব্যক্তিয়ে মূল ভাষণ প্ৰদান কৰে। তেওঁলোক হৈছে—নেপালৰ কাঠমাণ্ডু বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেনেজমেণ্টৰ সহযোগী ডীন তথা সহযোগী অধ্যাপক ডঃ ৰোশী লামচান , আমেৰিকা যুক্তৰাষ্ট্ৰৰ  কেলিফৰ্ণিয়া ইণ্টাকণ্টিনেণ্টাল ইউনিভাৰ্চিটিৰ সহযোগী অধ্যাপক ডঃ মৃগাক্ষী দাস; আৰু জামছেদপুৰস্থিত জেভিয়াৰ স্কুল অৱ মেনেজমেণ্টৰ  অধ্যাপক সুভাষ ৰায়। বক্তাসকলে সমসাময়িক ব্যৱসায়িক প্ৰত্যাহ্বান, স্থিতিস্থাপকতা, বহনক্ষমতা আৰু দ্ৰুতগতিত পৰিৱৰ্তিত গোলকীয় পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে মূল্যৱান দৃষ্টিভংগী আগবঢ়ায়। অনুষ্ঠানটো পৰিচালনা কৰে আলোচনা-চক্ৰখনৰ আহ্বায়ক ডঃ সপ্তদ্বীপা শাণ্ডিল্যই ।  অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে  কুমাৰী অংকিতা ৰায়ে। শেষত শলাগৰ শৰাই আগবঢ়াই আলোচনা-চক্ৰখনৰ যুটীয়া আহ্বায়ক ডঃ অংগনা বৰাই ।

উদ্বোধনী অধিৱেশনৰ পিছত একেলগে চাৰিখন কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। অধিবেশনত মুঠ ৪৫ খন গৱেষণা পত্ৰ পাঠ কৰা হয় । ৭ অক্টোবৰত আৰু চাৰিখন কাৰিকৰী অধিৱেশন অনুষ্ঠিত হ’ব। তাৰ পাছত বিয়লি  সামৰণি অধিৱেশন অনুষ্ঠিত হ’ব ।

No comments

Powered by Blogger.