Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সেৱা সংকল্প অভিযানৰ অধীনত কামৰূপ মহানগৰ জিলাত স্বাস্থ্য আৰু কল্যাণ শিবিৰ


গুৱাহাটী, ৬ অক্টোবৰ ২০২৬: জনসাধাৰণৰ মাজলৈ সমন্বিত আৰু সহজলভ্য স্বাস্থ্য সেৱা লৈ যোৱাৰ লক্ষ্যৰে সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলাৰ দুটা স্থানত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত কৰা হয়।


ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত সোণাপুৰৰ ট্ৰাইচেম ভৱনত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰটো ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে শিবিৰত প্ৰদান কৰা স্বাস্থ্য সেৱাসমূহ পৰ্যবেক্ষণ কৰাৰ লগতে হিতাধিকাৰী আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলৰ সৈতে মত বিনিময় কৰে।


আনহাতে, গুৱাহাটী ৱাৰ্ড নং-৪৮ ৰ অন্তৰ্গত নগৰ আৰু গ্ৰাম‍্য পৰিকল্পনা সঞ্চালকালয়ত ত অনুষ্ঠিত নগৰীয়া স্বাস্থ্য আৰু কল্যাণ শিবিৰত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকন, অতিৰিক্ত আয়ুক্ত শ্ৰী প্ৰণৱ দত্ত গোস্বামী, গুৱাহাটী পৌৰ নিগম প্ৰশাসনৰ সঞ্চালক সুশান্ত কুমাৰ দত্ত, আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ ৰাজ‍্যিক সঞ্চালক সব্যসাচী কাশ্যপ উপস্থিত থাকি শিবিৰটোৰ বিভিন্ন সেৱাসমূহ পৰিদৰ্শন কৰে।

দুয়োটা শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ‍্যালয় আৰু চিকিৎসালয়ৰ পৰা অহা বিশেষজ্ঞ চিকিৎসকসকলে সেৱা আগবঢ়ায়। ইয়াৰ লগতে অসংক্ৰামক ৰোগ, যক্ষ্মা, এইচ আই ভি আদিৰ পৰীক্ষণৰ লগতে যোগা প্ৰদৰ্শণ, মানসিক স্বাস্থ‍্য, পৰিয়াল পৰিকল্পনা, পুষ্টি, স্বাস্থ্যসন্মত জীৱনশৈলী আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কে সজাগতা আৰু  পৰামৰ্শ প্ৰদান কৰা হয়।


তদুপৰি,  আয়ুষ্মান ভাৰতৰ অধীনত AB-PMJAY কাৰ্ডৰ পঞ্জীয়ন আৰু E-KYC, জন্ম-মৃত‍্যু পঞ্জীয়ণ, দিব‍্যাংজন প্ৰমানপত্ৰ(UDID),পৰীক্ষাগাৰ সেৱাৰ পৰাকে ধৰি বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে প্ৰয়োজনীয় হিতাধিকাৰীসকলক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণৰ ব্যৱস্থাও কৰা হয়।



ট্ৰাইচেম ভৱনত অনুষ্ঠিত শিবিৰত মুঠ ৫১০ গৰাকী হিতাধিকাৰী আৰু ৱাৰ্ড নং-৪৮ ৰ নগৰীয়া শিবিৰত ২৫৭ গৰাকী হিতাধিকাৰী উপকৃত হয়। দুয়োটা শিবিৰ মিলি মুঠ ৭৬৭ গৰাকী হিতাধিকাৰীয়ে আজিৰ শিবিৰত বিভিন্ন স্বাস্থ্য সেৱা লাভ কৰে।



No comments

Powered by Blogger.