Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসত আজাৰাত সাহিত্য- সংস্কৃতি- ক্ৰীড়াৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা


গুৱাহাটী ,২ অক্টোবৰ : জ্যেষ্ঠ নাগৰিক মঞ্চ, আজাৰাৰ উদ্যোগত পহিলা অক্টোবৰত আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপ চৌহদত  আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰা হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ নাগৰিক মঞ্চ আজাৰাৰ সভাপতি বিনয় কুমাৰ বৰুৱাই । ইয়াৰ পিছতে ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । 

জ্যেষ্ঠ নাগৰিক মঞ্চ আজাৰাৰ সদস্য সকলৰ লেখাৰে সমৃদ্ধ প্ৰাচীৰ পত্ৰিকা প্ৰজ্ঞানুভূতি উন্মোচন কৰে  কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই। দিবসৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰা আজাৰা জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি বিনয় কুমাৰ বৰুৱাই আৰু আদৰণি ভাষণ প্ৰদান কৰে  সাধাৰণ সম্পাদক মুনীন্দ্ৰ চন্দ্ৰ গোস্বামীয়ে। সভাৰ আৰম্ভণিতে  বৰগীত পৰিৱেশন কৰে ধৰিত্ৰী দাসে।

  সভাত ২০২৬ বৰ্ষৰ আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱসৰ মূল বিষয় " দীৰ্ঘায়ুৰ যুগ: দীৰ্ঘ জীৱনৰ উপযোগী ব্যৱস্থাৰ পুনৰ চিন্তা" শীৰ্ষক  বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে ক্ৰমে - কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত অধ্যয়ন আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক দীপক কুমাৰ শৰ্মা ,উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক  ডঃ ধীৰেন্দ্ৰ নাথ কলিতা আৰু  কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডো সোণমইনা ভূঞাই। সভাতে স্থানীয় খ্যাতি সম্পন্ন শিল্পী ইৱচন লাল বৰুৱা, কথাছবি পৰিচালক ভাস্কৰজ্যোতি গোস্বামী আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ দীপেন মেধিক গামোছা, জাপি, চেলেং,  আৰু স্মাৰক , মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

 ইয়াৰ লগতে আজাৰা জ্যেষ্ঠ নাগৰিক মঞ্চৰ আশীৰ  উৰ্ধৰ কেবাগৰাকী সদস্য - সদস্যাক সম্বৰ্ধনা জনোৱা হয়। সভাত মঞ্চৰ সদস্য -সদস্যা সকলৰ দ্বাৰা ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশনৰ লগতে  শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ সংগীত বিভাগৰ সহযোগী অধ্যাপিকা ডঃ কান্তা কাবেৰী দাসে গীত পৰিৱেশন কৰে । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ৰঞ্জন জখৰীয়ায়।

No comments

Powered by Blogger.