কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষি তথ্য কেন্দ্রৰ উদ্বোধন
গুৱাহাটী ,২ অক্টোবৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ ,কামৰূপৰ তত্বাবধানত কামৰূপ জিলাৰ বংশৰৰ শ্ৰী ভৃঙ্গেশ্বৰ হাইস্কুল প্ৰাংগনত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ কৃষি বিভাগৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে গাওঁলীয়া কৃষি ভিত্তিক কৰ্ম অভিজ্ঞতাৰ কর্মসূচী হিচাপে ২৯ ছেপ্টেম্বৰত এটি কৃষি তথ্য কেন্দ্রৰ উদ্বোধন কৰা হয়।
কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ফেকাল্টি অব এগ্ৰিকালচাৰ চাইঞ্চ এণ্ড টেকনোলজিৰ ডীন, বিভাগীয় অধ্যাপক মণ্ডলী, কৃষি বিজ্ঞান কেন্দ্রৰ বিষয়া , স্থানীয় কৃষক, স্থানীয় সমাজ সেৱক, বংশৰ কৃষি চক্ৰৰ বিষয়াসহ অঞ্চলটোৰ কেবাজনো গণ্যমান্য ব্যক্তি । তথ্য কেন্দ্রটোত প্ৰাকৃতিক কৃষি আৰু বায়োগাছ আদিৰ ওপৰত তৈয়াৰ কৰা বিভিন্ন আৰ্হি-নমুনা, মৌপালন, কাঠফুলা খেতি, সমন্বিত কৃষি ব্যৱস্থা, বীজামৃত, জীৱামৃত, ভাৰ্মিকম্পোষ্ট, পোষ্টাৰ আৰু শিক্ষা মূলক বিষয় আৰু সামগ্ৰী প্রদর্শন কৰা হয়।
অনুষ্ঠানৰ জৰিয়তে আধুনিক কৃষি পদ্ধতিৰ দ্বাৰা কৃষক সকলে কেনেদৰে অধিক লাভান্বিত হ'ব পাৰিব , গাৱঁলীয়া সমাজ উন্নয়নৰ লগতে আধুনিক কৃষি শিক্ষাৰ সমন্বয় স্থাপন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰয়াস কৰা হয়।

No comments