Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰত HIV/AIDS সম্পৰ্কীয় ৬০ দিনীয়া Intensive IEC অভিযান আৰম্ভ, IEC বাহন শুভাৰম্ভ


গুৱাহাটী, ৮ ছেপ্টেম্বৰ ২০২৬: 

কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলাখনত HIV/AIDS সম্পৰ্কীয় ৬০ দিনীয়া তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) অভিযান আৰম্ভ কৰা হয়। এই অভিযানৰ অংশ হিচাপে জিলাখনৰ বিভিন্ন অঞ্চলত HIV সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এখন বিশেষ IEC বাহন শুভাৰম্ভ কৰা হয়।

কামৰূপ মহানগৰৰ জিলা আয়ুক্ত স্বপ্নীল পালে IEC বাহনখন শুভাৰম্ভ কৰে। এই বাহনখনে কামৰূপ মহানগৰৰ বিভিন্ন বাট-পথ আৰু অঞ্চলত HIV প্ৰতিৰোধ, পৰীক্ষা, চিকিৎসা, উপলব্ধ যত্ন আৰু সহায়ক সেৱাসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব।

IEC বাহনৰ শুভাৰম্ভণিৰ পাছত মহানগৰৰ জিলা উন্নয়ন আয়ুক্ত মনজিৎ বৰকাকতিৰ সভাপতিত্বত এখন জিলা পৰ্যায়ৰ উদ্বোধনী সভা অনুষ্ঠিত হয়। 

উদ্বোধনী সভাত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক, ছাত্ৰ-ছাত্ৰীকে ধৰি মহানগৰৰ সাতটা এন.জি. অৰ প্ৰতিনিধি আৰু কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ মুখ্য বিষয়াসকল উপস্থিত থাকে।

৬০ দিনীয়া এই অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন অঞ্চলত মুঠ ১৩০খন সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই সভাসমূহ বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, গাঁও আৰু উচ্চ-বিপদসংকূল গোটসমূহক (High Risk Group) সামৰি অনুষ্ঠিত কৰা হ’ব। তদুপৰি, HIV প্ৰতিৰোধৰ বিষয়ে জনসাধাৰণক অধিক সজাগ কৰি তোলাৰ উদ্দেশ‍্যে বাটৰ নাট আৰু অন্যান্য IEC কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

আগতীয়াকৈ HIV পৰীক্ষা, সময়মতে চিকিৎসা গ্ৰহণ, সংক্ৰমণ প্ৰতিৰোধ তথা HIV সম্পৰ্কীয় বৈষম্য হ্ৰাসৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।


No comments

Powered by Blogger.