Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰীত বৃহত্তৰ বকুলনগৰ প্ৰাগজ্যোতিষনগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ লাইখুঁটা স্থাপন


 গুৱাহাটী ,২৫ ছেপ্টেম্বৰ : গুৱাহাটীৰ জালুকবাৰীৰ দ্বাদশ সংখ্যক বৃহত্তৰ বকুলনগৰ প্ৰাগজ্যোতিষনগৰ সাৰ্বজনীন শাৰদীয় শ্ৰী শ্ৰী দূৰ্গা পূজাৰ উদযাপন সমিতিৰ আগন্তুক দূৰ্গা পূজা উপলক্ষে ২৩ ছেপ্টেম্বৰত  লাইখুঁটা স্থাপন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে জালুকবাৰী বকুলনগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলৱে উৰণীয়া সেঁতুৰ সমীপত অনুষ্ঠিত  হবলগীয়া দূৰ্গা পূজাৰ লাইখুঁটা স্থাপন কৰে গুৱাহাটী পৌৰ নিগমৰ ২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতাই। অনুষ্ঠানত দূৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি চবিন চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক দিগন্ত কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা, বৃহত্তৰ বকুলনগৰ জ্যেষ্ঠ নাগৰিক সমিতিৰ সভাপতি প্ৰাণহৰি তালুকদাৰকে ধৰি অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

No comments

Powered by Blogger.