Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

একাদশ আয়ুৰ্বেদ দিৱসত বিশিষ্ট আয়ুৰ্বেদ চিকিৎসক ডাঃ লক্ষ্য কুমাৰ সন্দিকৈলৈ উদযাপন আৰু অসম আয়ুৰ্বেদ ৰত্ন বঁটা


 

গুৱাহাটী ,২৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰত্যেকখন জিলাত  আয়ুৰ্বেদিক চিকিৎসা সন্থা চমুকৈ এ এম অৰ উদ্যোগত আৰু হেডগেৱাৰ স্মাৰক সমিতিৰ সহযোগত ২৩ ছেপ্টেম্বৰত  একাদশ আয়ুৰ্বেদ দিৱস অনুষ্ঠিত হৈ যায়। এই উপলক্ষে গুৱাহাটীস্থিত সুদৰ্শনালয়ত  "সজাগতা সভা ও আলোচনা চক্ৰ" আৰু "অসম আয়ুৰ্বেদ ৰত্ন বঁটা '২০২৬" প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত উত্তৰ পুৰ্বাঞ্চলৰ সৰ্বোচ্চ সন্মান "অসম আয়ুৰ্বেদ ৰত্ন বঁটা" অসমৰ বিশিষ্ট আয়ুৰ্বেদিক চিকিৎসক ডাঃ লক্ষ্য কুমাৰ সন্দিকৈক প্ৰদান কৰা হয়। 

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক  ৰাঘবেন্দ্ৰ পি তিৱাৰীয়ে তেওঁক এই সন্মানীয় আয়ুৰ্বেদ ৰত্ন বঁটা  প্ৰদান কৰে।  অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জেষ্ঠ প্ৰচাৰক  ভাস্কৰ কুলকাৰ্ণী ,  আমন্ত্ৰিত অতিথি হিচাপে ডাঃ অনুপ বৈশ্যই ভাগ লৈ ভাষণ প্ৰদান কৰে । এ এম অৰ যুটীয়া সম্পাদক ডাঃ কিশোৰ দাস আৰু সম্পাদক চিৰঞ্জীৱ মহন্তই আঁত ধৰা অনুষ্ঠানটোত সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস, উপ সভাপতি ডাঃ বিশ্বজিৎ দাস, প্ৰচাৰ সম্পাদক ডাঃ অতুল ডেকা, উপদেষ্টা অধ্যক্ষ ডাঃ প্ৰণবজোতি বৈশ্য, কোষাধক্ষ ডাঃ বিবেক শৰ্মা আদি সদস্যসকল উপস্থিত থাকে । অনুষ্ঠানত  যোৱা বছৰৰ আয়ুৰ্বেদ ৰত্ন বঁটা প্ৰাপক বিশিষ্ট চিকিৎসক ডাঃ ওম প্ৰকাশ গুপ্তা, ডাঃ সুৰেশ স্বৰ্গীয়াৰীকে আদি কৰি ১০ জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

জিলা ভিত্তিক কাৰ্যসূচী কামৰূপ, নলবাৰী, বাক্সা, বঙাইগাঁও, বজালী,  ধুবুৰী, শোণিতপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, কাৰ্বি আংলং, ডিমা হাছাও, নগাঁও আদি জিলাত স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ।

No comments

Powered by Blogger.