শংকৰদেৱ কলাক্ষেত্ৰত বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত বক্তৃতানুষ্ঠান
গুৱাহাটী ,২০ ছেপ্টেম্বৰ : বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত অহা ২৭ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি এক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে । বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ সভাপতি ডাঃ বিৰিঞ্চি কুমাৰ দেব মিশ্ৰ, কাৰ্যকৰী সভাপতি খনীন্দ্ৰ নাথ দাস আৰু সম্পাদক চিত্তৰঞ্জন ওজাই এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা বিয়লি ৪.১৫ বজাত কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া 'পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শংকৰদেৱ চৰ্চাৰ গুৰুত্ব' বিষয়ক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট শিক্ষাবিদ - সাহিত্যিক ডঃ দয়ানন্দ পাঠকে।
ইয়াৰ উপৰিও 'বৰপেটা সত্ৰত চাৰিশ ত্ৰিশ বছৰ ধৰি বংশৰা-হাটী গোটে পালন কৰা সত্ৰীয়া সংস্কৃতি পৰিৱেশন : গুৰুঘাতা, ভোজন ব্যৱহাৰ (ভজন বেহৰ), ঘোষা কীর্ত্তন, ব্যাহ কীর্ত্তন অনুষ্ঠানত উপস্থিত থাকিব ক্ৰমে - বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাস, ডেকাসত্ৰীয়া গৌতম পাঠক , আৰু বংশৰাৰ সত্ৰীয়া শিল্পীসকল । উদ্যোক্তাসকলে সিদিনাৰ অনুষ্ঠানত গুৱাহাটীত থকা বৰপেটাবাসী ৰাইজৰ লগতে সকলো শুভাকাংক্ষী লোকৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।


No comments