Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

কামৰূপ মহানগৰত আন্তঃৰাষ্ট্ৰীয় নিৰাপদ গৰ্ভপাত দিৱস পালন



গুৱাহাটী, ২৮ ছেপ্টেম্বৰ, ২০২৬: 
কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা এফ আৰ ইউত আজি আন্তঃৰাষ্ট্ৰীয় নিৰাপদ গৰ্ভপাত দিৱস পালন কৰা হয়।

অনুষ্ঠানত গুণগত আৰু নিৰাপদ গৰ্ভপাত সেৱা প্ৰদানৰ বাবে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী আৰু নিৰ্দিষ্ট স্বাস্থ্য প্ৰতিষ্ঠানৰ জৰিয়তে সেৱা নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। মহিলাসকলৰ বাবে সন্মানজনক, আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত সজাগতাৰ সৃষ্টি কৰা হয়।

অনুষ্ঠানৰ অংশ হিচাপে গুণগত Comprehensive Abortion Care সেৱা প্ৰদানৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ধীৰেণপাৰা এফ আৰ ইউৰ ডাঃ সোভাস্মিতা বৰঠাকুৰক পুৰস্কৃত কৰা হয়।

অনুষ্ঠানত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, ধীৰেণপাৰা মণ্ডলৰ খণ্ ডপ্ৰাথমিক স্বাস্থ‍্য বিষয়া ডাঃ পল্লৱী বৰুৱা, ধীৰেণপাৰা FRUৰ চিকিৎসক ডাঃ বনজিৎ পাঠক, ডাঃ সোভাস্মিতা বৰঠাকুৰ, Ipas Development Foundation ৰ জ্যেষ্ঠ সমন্বয়ক মৃগাংক শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ‍্য অভিযানৰ জিলা তথা ধীৰেণপাৰা মণ্ডলৰ সদস্যসকলৰ লগতে চিকিৎসালয়ৰ নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে।



No comments

Powered by Blogger.