Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

শঙ্কৰদেৱ কলাক্ষেত্ৰত বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত বক্তৃতানুষ্ঠান


 

গুৱাহাটী ,২৮ ছেপ্টেম্বৰ :  শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে  বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্যোগত যোৱা ২৭ ছেপ্টেম্বৰত বিয়লিৰ পৰা নিশালৈকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত  বক্তৃতানুষ্ঠান আৰু সত্ৰীয়া সংস্কৃতিৰ এটা  মোহনীয় অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।  আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰি উদ্ধোধনী ভাষণ প্ৰদান কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে ।

  কাৰ্যকৰী সভাপতি খনীন্দ্ৰ নাথ দাসৰ  আদৰণি ভাষণৰে  শুভাৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট সাহিত্যিক, গৱেষক ডঃ দয়ানন্দ পাঠকে 'পৰিৱৰ্তিত সমাজ ব্যৱস্থাত শংকৰদেৱ চৰ্চাৰ গুৰুত্ব'  বিষয়ত  বক্তৃতা প্ৰদান কৰে। ডঃ পাঠকে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ  সৃষ্টিকৰ্ম এক বিশাল সমূদ্ৰৰ দৰে। এফালে গীত, এফালে নাটক, এফালে অভিনয় কলা, এফালে নৃত্যশিল্প, এফালে ছবি অংকন, এফালে অনুবাদ কৰ্ম, এফালে আকৌ ধৰ্মীয় আদৰ্শক স্পষ্টতৰ আৰু সৰলীকৃত কৰিবলৈ হাতত লোৱা পদক্ষেপ আদিৰ উপৰিও তেৰাই অনুভৱ কৰিছিল যে এটা জাতি একমাত্ৰ সমন্বয়ৰ ভেটিতহে ঠন ধৰি বলীয়ান হৈ উঠে। 

অনুষ্ঠানত  সংগীত নাটক অকাডেমি বঁটা প্ৰাপক ভাস্কৰ জ্যোতি ওজাক সম্বৰ্ধনা জনোৱা হয়। সভাপতি ডাঃ বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰই বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীৰ উদ্দেশ্য আৰু কৰ্মৰাজিৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানত   বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে সাংস্কৃতিক মঞ্চ উন্মোচন কৰে।  খনা দাসৰ দলে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি  বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানত  বৰপেটা সত্ৰৰ বংশৰা আৰু হাটীগোটে চাৰিশ ত্ৰিশ বছৰীয়া সত্ৰীয়া পৰম্পৰা অনুযায়ী গুৰুঘাতা, গীতৰ পালা, ঘোষা কীৰ্ত্তন আৰু ব্যাহ কীৰ্ত্তন পৰিৱেশন কৰে। সংগীত নাটক অকাডেমি বঁটা প্ৰাপক গুণীন্দ্ৰ নাথ ওজাৰ সত্ৰীয়া ওজাপালি আৰু গীতৰ পালা পৰিৱেশন  কৰে।


 ডেকা সত্ৰাধিকাৰ  গৌতম পাঠকে বৰপেটা সত্ৰৰ বংশৰাৰ ইতিহাস সুঁৱৰি কয় যে সত্ৰৰ সাংস্কৃতিক কাম কাজ অৰ্থাৎ গীত, নাট ভাওনা, নৃত্য, যুগল প্ৰসঙ্গ, ওজাপালি ইত্যাদি ভৱিষ্যত প্ৰজন্মই দুজনাগুৰুৰ সৃষ্টিৰ স্বকীয়তা ৰক্ষা কৰি পৰিৱেশন কৰাৰ বাবে সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰী মথুৰাদাস বুঢ়া আতাই যিসকল ভকতক দায়িত্ব দিছিল, সেই ভকতসকলৰ বৈকুণ্ঠ প্ৰাপ্তিৰ পিছত তাৰাৰ পুত্ৰ পৌত্ৰাদিয়ে পিৰীৰ পাছত পিৰীলৈ সত্ৰৰ নিৰ্ধাৰিত সেৱায়িত কৰ্মখিনি ভক্তি সহকাৰে আজিও কৰি আছে। অনুষ্ঠানৰ সংগতি ৰাখি হাইস্কুলৰ  ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত ’অসমীয়া জাতি গঠনত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান’ বিষয়ত ৰচনা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক বঁটা  প্ৰদান কৰা হয় । ৰবীন্দ্ৰ নাথ দাসৰ নেতৃত্বত বৃহত্তৰ বৰপেটা সমাজ, গুৱাহাটীয়ে বীৰ নাম প্ৰদৰ্শন কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক চিত্তৰঞ্জন ওজাই ।

No comments

Powered by Blogger.