Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

অন্বেষ গোষ্ঠীৰ ১১১ সংখ্যক মাহিলী বৈঠক সম্পন্ন


 আজাৰা , ১৪ ছেপ্টেম্বৰ :   গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ  অগ্ৰণী সাহিত্য সংস্কৃতিমুলক অনুষ্ঠান 'অন্বেষ গোষ্ঠী'ৰ ১১১ সংখ্যক বৈঠকখন ১৩ ছেপ্টেম্বৰত  গোষ্ঠীৰ  ধাৰাপুৰস্থিত নিজা কাৰ্যালয়ত  অনুষ্ঠিত হয় ৷  গোষ্ঠীৰ স্থায়ী সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত  ১১১ সংখ্যক বৈঠকখনত উদ্দ্যেশ্য বাখ্যা কৰে সম্পাদক পৰীক্ষিত হালৈয়ে আৰু  আদৰণি ভাষণৰ লগতে বিগত ১১০ সংখ্যক বৈঠকৰ কাৰ্য বিবৰণী পাঠ কৰে সহকাৰী সম্পাদক অতুল কলিতাই ৷ বৈঠকখনত অন্বেষৰ গোষ্ঠীৰ সদস্য সকলে কবিতা , গীত  আদি পৰিবেশন কৰে ৷ বৈঠকত সাম্প্ৰতিক সময়ৰ  অসমীয়া সাহিত্যৰ লিখন শৈলী আৰু ধাৰাৰ পৰিবৰ্তনশীলতাৰ ওপৰত এটা মনোজ্ঞ আলোচনা কৰা হয় ৷ বিভিন্ন বক্তাই এই বিষয়ত মননশীল অভিমত আগবঢ়ায় ৷ অন্বেষ গীতেৰে আৰম্ভ কৰা  বৈঠকখন সভাপতিৰ ভাষণৰ পিছতে জাতীয় সংগীত পৰিবেশনৰে  সামৰণি পৰে।

No comments

Powered by Blogger.