অসম ডন বস্কো বিশ্ববিদ্যালয়ত টেকষ্টৰ্মৰ চূড়ান্ত প্ৰতিযোগিতাত পশ্চিমবংগৰ 'টেক ছাইনাপছ' দলৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ
গুৱাহাটী , ১৯ ছেপ্টেম্বৰ : : ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কলিকতাৰ উদ্ভাৱন উদ্যান–প্ৰযুক্তি আৰু উদ্ভাৱন পৰিষদ ( আই আই এম চি আই পি - টি আই চি ) ৰ উদ্যোগত ১৮ ছেপ্তেম্বৰত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ত টেকষ্টৰ্ম উদ্ভাৱন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায় অনুষ্ঠিত হয় । উল্লেখ্য যে পূৰ্বতে কেবাটাও পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা মুঠ ৯৪টা অংশগ্ৰহণকাৰী দলৰ মাজৰ পৰা কঠোৰ মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে ১৪টা দলক চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচিত দলসমূহে জীৱন্ত প্ৰদৰ্শন আৰু কাৰিকৰী উপস্থাপনৰ জৰিয়তে বিশিষ্ট বিচাৰকমণ্ডলীৰ সন্মুখত তেওঁলোকৰ কাৰ্যক্ষম আৰ্হি আৰু উদ্ভাৱনী সমাধানসমূহ উপস্থাপন কৰে । ইয়াৰ ভিতৰত আছিল ড্ৰোনৰ সহায়ত নিখুঁত কৃষিকাৰ্য, চালকৰ সুৰাপান নিৰীক্ষণ ব্যৱস্থা, জৰুৰীকালীন পৰিধানযোগ্য সঁজুলি, দৃষ্টিহীন ব্যক্তিৰ সহায়ক পথ-নিৰ্দেশনা ব্যৱস্থা, বানপানীৰ উদ্ধাৰকাৰী সংকেত প্ৰদানকাৰী, কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক খাদ্য-লেবেলৰ সুৰক্ষা পৰীক্ষা, জীৱমিতীয় ভোটদান ব্যৱস্থা, ভূমিস্খলনৰ আগজাননী ব্যৱস্থা, মানসিক চাপ নিৰীক্ষণ, অনুসন্ধান আৰু উদ্ধাৰকাৰী ৰবট, ঘৰুৱা সহায়ক ৰবট, বৃদ্ধ লোকৰ পৰি যোৱাৰ ঘটনা চিনাক্তকৰণ ব্যৱস্থা, উদ্যোগিক গেছ সুৰক্ষা ব্যৱস্থা আৰু আৱৰ্জনাৰ পৰা শক্তি উৎপাদন ব্যৱস্থা আদি । চূড়ান্ত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব ছাজ্জাদ আলম, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সঞ্চালক অমিতাভ বৰুৱা, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উদ্যোমিতা আৰু প্ৰতিষ্ঠানিক উদ্ভাৱন পৰিষদৰ সঞ্চালক ডঃ শ্ৰীপৰ্ণা ভূঞা, গুৱাহাটীৰ ভাৰতীয় ছফ্টৱেৰ প্ৰযুক্তি উদ্যানৰ ক্ষেত্ৰাধিকাৰ সঞ্চালক ডঃ সৌম্য প্ৰকাশ অট্টা, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য ফাডাৰ জোচেফ নেল্লানাট্ট, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগণৰ ৰেক্টৰ ফাডাৰ কে জে থমাছ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি বিদ্যাপীঠৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতা আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কলকাতা উদ্ভাৱন উদ্যানৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰাঞ্জল কোঁৱৰ উপস্থিত থাকি চমু ভাষণ প্ৰদান কৰে।
চূড়ান্ত দলসমূহে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কলকাতা উদ্ভাৱন উদ্যানৰ কাৰ্যসূচী বিভাগৰ সহকাৰী উপাধ্যক্ষ ছাদিক মান্নান আৰু প্ৰকল্প বিভাগৰ পৰিচালক শংখ ৰায়ক লৈ গঠিত বিচাৰকমণ্ডলীৰ সন্মুখত তেওঁলোকৰ আৰ্হি আৰু কাৰিকৰী সমাধানসমূহ উপস্থাপন কৰে । ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কলকাতা উদ্ভাৱন উদ্যান–প্ৰযুক্তি আৰু উদ্ভাৱন পৰিষদৰ হৈ পংকজ গগৈ, প্ৰজ্ঞান সেন ডেকা আৰু অপৰূপ বেনাৰ্জীয়ে অনুষ্ঠানটোৰ সমন্বয় কৰে।
প্ৰতিযোগিতাখনত মুঠ ৫০,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হয় । উদ্ভাৱনী সমাধান আৰু কাৰ্যক্ষম আৰ্হি বিকাশৰ বাবে শীৰ্ষ তিনিটা দলক পুৰস্কৃত কৰা হয় । তাৰ ভিতৰত পশ্চিমবংগৰ
বিশ্ববিদ্যালয় অৱ ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্টৰ ‘টেক ছাইনাপছ’ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। বিজয়ী দলটোত আছিল আৰ্চ্চিমান মজুমদাৰ, অনুশ্ৰী প্ৰামাণিক আৰু অনিক নাথ । তেনেদৰে
পশ্চিমবংগৰ একাডেমী অৱ টেকন’লজিৰ ‘বল্ট এণ্ড বাইট’ দলে দ্বিতীয় স্থান লাভ কৰে । দলটোত আছিল সুমেশ সিং, দিব্যা প্ৰসাদ, ময়ংক সুৰেকা আৰু আৰিয়ান ভিৱানীৱালা । মেঘালয়ৰ ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি চমুকৈ ইউ এছ টি এমৰ ‘অ’ৰা’ দলে তৃতীয় স্থান লাভ কৰে । দলটোত আছিল চন্দন চেতিয়া, ছোহিল আলী আৰু তন্ময় দত্ত মুলা । প্ৰতিযোগিতাৰ সামৰণিত প্ৰথম বিজয়ী দল তিনিটাক বঁটা আৰু মানপত্ৰ বিতৰণ কৰা হয়। আয়োজকসকলে জানিবলৈ দিয়ে যে টেকষ্টৰ্মৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান কলকাতা উদ্ভাৱন উদ্যান–প্ৰযুক্তি আৰু উদ্ভাৱন পৰিষদে পূব ভাৰতৰ ছাত্ৰ উদ্ভাৱন আৰু উদ্যোগিতা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এনে পদক্ষেপে যুৱ উদ্ভাৱকসকলক তেওঁলোকৰ চিন্তা বিকশিত, প্ৰদৰ্শন আৰু অধিক পৰিশীলিত কৰাৰ সুযোগ প্ৰদান কৰে ।

No comments