কামৰূপ মহানগৰত জিলা স্বাস্থ্য অভিযানৰ সভা অনুষ্ঠিত
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৬:
কামৰূপ মহানগৰত আজি জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত জিলা স্বাস্থ্য অভিযানৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন স্বাস্থ্য কাৰ্যসূচীৰ ৰূপায়ণ আৰু স্বাস্থ্যসেৱাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
বিশেষভাৱে চিকিৎসালয়ত সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, টিকাকৰণ, যক্ষ্মা, এইচ আই ভিকে ধৰি সংক্ৰামক ৰোগ নিয়ন্ত্ৰণ, মাতৃ আৰু শিশুৰ মৃত্যু হ্ৰাস, লগতে প্ৰতিবন্ধকতা সম্পৰ্কীয় সেৱা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
সভাত অন্যান্য গুৰুত্বপূৰ্ণ স্বাস্থ্য কাৰ্যসূচী আৰু সেৱা প্ৰদানৰ বিভিন্ন দিশো পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নিয়মীয়া নিৰীক্ষণ, আন্তঃবিভাগীয় সমন্বয় আৰু সময়মতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
আজিৰ সভাত কামৰূপ মহানগৰৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), জিলা উন্নয়ণ আয়ুক্ত, সাংসদ আৰু বিধায়কসকলৰ প্ৰতিনিধি, স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ বিষয়াসকল উপস্থিত থাকে।



No comments