Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

"অসম সংগীত" আমি অসমীয়া নহওঁ দুখীয়া"ৰ দৃশ্য-শ্ৰব্য সৃষ্টিৰূপা’ৰ সৌজন্যত "অ মোৰ আপোনাৰ দেশ " সহযোগত উন্মোচন "



গুৱাহাটী 28 ছেপ্টেম্বৰ: লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমৰসৃষ্টি"অসম সংগীত" টি জ্যোতি চিত্ৰবন চলচ্চিত্ৰ প্ৰাংগনৰ কলাগুৰু প্ৰেক্ষাগৃহত  দৃশ্য-শ্ৰব্য ৰূপত উন্মোচন কৰা হয়।

এই অনুষ্ঠানত  বন্তি প্ৰজ্বলনেৰে শুভআৰম্ভ লগতে শ্ৰদ্ধাঞ্জলি অৰ্পন  কৰে লক্ষ্মীনাথ বেজবৰুৱাৰ আজু নাতি অভিশেষ বৰঠাকুৰ,  জ্যোতি প্ৰসাদ আগৰৱালা দেবৰ দ্বিতীয় কন্যা জ্ঞানশ্ৰী  আগৰৱালা পাঠক,ড৹সূৰ্য হাজৰিকা,মনীষা হাজৰিকা প্ৰমুখ্যে ,প্ৰসিদ্ধ সংগীতজ্ঞ , সুৰকাৰ তথা শিল্পী ৰমেন চৌধুৰী দেৱে।

সাহিত্যৰথী লক্ষ্মীনাথ  বেজবৰুৱাৰ  বঁটাপ্ৰাপক ড৹ সূৰ্য হাজৰিকাদেৱ আৰু মৃনালিনী দেৱীয়ে  অসম সংগীতৰ দৃশ্য-শ্ৰব্য টি উন্মোচন কৰে আৰু  গীতটিৰ বিষয়ে বিষদ ভাবে বাখ্যা বৰ্ননা কৰে লগতে সুন্দৰ ভাবে গীতটিৰ  ওপৰত  আলোকপাত কৰি  অসম সংগীত”ৰ এই যাত্ৰা সফল হওক, অসমৰ প্ৰতিটো কোণলৈ ইয়াৰ সুৰ বিয়পি পৰক—এই শুভকামনা যাচিলে প্ৰসিদ্ধ সংগীতজ্ঞ ৰমেন চৌধুৰী দেবে আৰু মঞ্জুলা হাজৰিকাই গীতটিৰ  প্ৰচাৰ  আৰু প্ৰসাৰ ওপৰত গুৰুত্ব  দি নতুন  প্ৰজন্মই  সম্পূৰ্ণ  ৪৮ শাৰী যুক্ত গীতটি অনুধাৱন কৰিব  লাগে বুলি মত প্ৰকাশ কৰে। দৃশ্য শ্ৰাব্য টি উন্মোচন আগ মূহুৰ্তত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ৰচিত "প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো " এই গীত টি বিশিষ্ট সংগীত শিল্পী লক্ষ্মী কান্ত বড়ো দেৱে পৰিৱেশন কৰি সভাখন গাম্ভীৰ্যময় কৰি তোলে।

অনুষ্ঠানটোত  বহু  সংগীত  শিল্পী  শান্তা উজীৰ, মালবিকা বৰা ,কনিকা ভট্টাচাৰ্য্য ,সৌৰভ মহন্ত ইত্যদি, চেতনা দাস ,নুৰুদ্দিন আহমেদ আৰু  সমাজৰ গন্য মান্য বিশিষ্ট ব্যক্তিৰ  উপস্থিত থাকি  সভা খনৰ সৌষ্ঠৱ বঢ়াই  তাৰোপৰি বিভিন্ন  সংগঠন যেনে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ সদস্যসকল,এন এফ ৰেলৱেৰ মজদুৰ ইউনিয়নৰ সদস্য সকল,মালিগাওঁৰ লখিমী দলৰ সদস্য সকল,পূৰ্ব্বতৰ ইনচটিটিউট ফৰ পাৰচন উইথ ভিজেৱিলিটিচ অধক্ষ্য , শিক্ষয়িত্ৰী আৰু দিবাংগ ছাত্ৰ ছাত্ৰী সকল ,ভিচন চানৰাইজ এনজিঅ সদস্য সকল,কান্ট্ৰি অমেন এছচিয়েছনৰ সদস্যসকল,লুইত সাহিত্য পৰিষদৰ সদস্য সকল আৰু অসম সাহিত্য সভাৰ সদস্য সকলৰ উপস্থিতিয়ে  সভাখন  সফলতাৰে অনুষ্ঠিত কৰা হল।

আজিৰ এই অনুষ্ঠান কেৱল দৃশ্য-শ্ৰব্য এটা মুকলি অনুষ্ঠান নহয়—ই অসমৰ সংগীত আৰু সংস্কৃতিক অধিক মানুহৰ ওচৰলৈ লৈ যোৱাৰ এক নতুন প্ৰচেষ্টা।

বিশিষ্ট  ব্যক্তি  সকলৰ  লগতে সভাখনত উপস্থিত থকা সকলো ৰাইজে  এই মহৎ কাম কৰা সৃষ্টিৰূপা'ৰ সৌজন্যত অ মোৰ আপোনাৰ দেশ অনুষ্ঠানৰ সদস্য সকলৰ লগতে অসম গীতটিৰ  প্ৰযোজনা কৰা  কল্পনা ৰাজকুমাৰ, পৰিচালনা কৰা বন্দনা তালুকদাৰক ভূয়সী প্ৰশংসা কৰে ।

এই অনুষ্ঠানতে " অ মোৰ আপোনাৰ দেশ " অনুষ্ঠানটিৰ  যাত্ৰাৰ সবিশেষ দৃশ্য-শ্ৰব্য মাধ্যমেৰে কস্তুৰী মৃগ  নামৰ  সাক্ষাৎকাৰৰ অনুষ্ঠানটিৰ  কিচু আভাষ তথ্য চিত্ৰৰ ৰূপত  দেখুৱাই  ৰাইজৰ  হাতচাপৰিৰে  আনন্দিত কৰিলে।

এই অনুষ্ঠানটিৰ আৰম্ভণিৰ পৰা শেষলৈকে   ঝুলন কৃষ্ণ মহন্ত আৰু বৰষাই  সাংকেতিক চিহ্নৰে 

সুন্দৰ কৈ আঁত ধৰে শেষত  অসমৰ জাতীয় সংগীত " অ মোৰ আপোনাৰ দেশ " পৰিৱেশন কৰি অনুষ্ঠানটি সফলতাৰে সামৰণি পৰিল।

No comments

Powered by Blogger.