Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

জালুকবাৰীত ২১ সংখ্যক ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচীত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা


গুৱাহাটী ১২ ছেপ্টেম্বৰ :   গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত অসম বন কৰ্মচাৰী সন্থাৰ উদ্যোগত ১১ ছেপ্টেম্বৰত দিনজোৰা কাৰ্য্যসূচীৰে ২১  সংখ্যক ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালন কৰা হয়। নিৰ্দ্ধাৰিত সময়তকৈ পলমকৈ সন্ধিয়াৰ প্ৰাক ক্ষণত বন শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি প্ৰেক্ষাগৃহত অনুষ্ঠিত স্মৃতি চাৰণ সভাত  মুখ্য অতিথি হিচাপে ভাগ লৈ  বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই  কয় যে  শীঘ্ৰে অসমৰ বন বিভাগত হ'ব ব্যাপক সংস্কাৰ সাধন কৰা হব।   বছৰ বছৰ ধৰি একেটা স্থানতে কৰ্মৰত হৈ থকা বিষয়া-কৰ্মচাৰী হ'ব বদলি । 

 কাৰো মুখলৈ নাচাই বহু বছৰ ধৰি একেটা স্থানতে থকা সকলো বিষয়া - কৰ্মচাৰীকে বদলি কৰা হ'ব ।  ইতিমধ্যে এন আই চিৰ সহযোগত তালিকা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বন বিভাগে ।  দ্বিতীয় পৰ্যায়ত শীর্ষ বিষয়াসকলকো বদলি কৰা হ'ব । বন বিভাগত নতুনত্ব অনাৰ লক্ষ্যৰে   সংস্কাৰ সাধন কৰা হব । একে সময়তে বনকৰ্মীসকলে ভোগ কৰি অহা সমস্যাসমূহো পৰ্য্যায় ক্ৰমে সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব। ইয়াৰ পূৰ্বে  পতাকা উত্তোলনৰে ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঘনশ্যাম দাসে আৰু শ্বহীদ তৰ্পণ কৰে  সাধাৰণ সম্পাদক ৰাহুল বৰাই। দিনৰ ১০ বজাত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে  সন্থাৰ প্ৰাক্তন সভাপতি হোমেন পেগুৱে। তাৰ পাছত নাম প্ৰসংগ অনুষ্ঠিত হয় ।

 আনহাতে দিনৰ ১১ বজাৰ পৰা  স্মৃতিচাৰণ সভা অনুষ্ঠিত  হয় । সভাত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী সন্দীপ কুমাৰ , অতিৰিক্ত মুখ্য বন সংৰক্ষকদ্বয় হৃদেশ মিশ্ৰ আৰু  এছ এন সিং, বন সংৰক্ষক ডিম্পী বৰা, উত্তৰ কামৰূপ বন সংমণ্ডলৰ বন সংৰক্ষক প্ৰাধিকাৰী টি চি ৰঞ্জিত ৰামকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়াই ভাগ লৈ চমু ভাষণ প্ৰদান কৰে। সন্ধিয়া  শ্বহীদ বেদী আৰু অনুষ্ঠানথলীত বন শ্বহীদ সকলক স্মৰণ কৰি সমূহীয়াভাবে বন্তি প্ৰজ্বলন  কৰা হয় । 

কাৰ্যসূচীত  সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঘনশ্যাম দাস আৰু সাধাৰণ সম্পাদক ৰাহুল বৰাকে ধৰি কেন্দ্ৰীয় কমিটিৰ কেবাজনো কৰ্মকৰ্তা , সন্থাৰ বিভিন্ন জিলা সমিতিৰ সভাপতি - সম্পাদক প্ৰমুখ্যে বহু কৰ্মকৰ্তা , অভ্যৰ্থনা সমিতিৰ সভাপতি পাপৰি কছাৰী বৰা , যুটীয়া সম্পাদকদ্বয় দ্বিবন কুমাৰ বৈশ্য আৰু বুবুল দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা,  ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে।

No comments

Powered by Blogger.