গুৱাহাটী, ১০ আগষ্ট ২০২৬
সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ শুভাৰম্ভ কৰা হয়। ১ বছৰ বয়সৰ পৰা ১৯ বছৰ বয়সৰ শিশু সকলক পেলু মুক্ত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী প্ৰতি বছৰে দুবাৰকৈ (আগষ্ট আৰু ফেব্ৰুৱাৰী মাহত) পালন কৰা হয়। জিলাখনৰ ১-১৯ বছৰ বয়সৰ মুঠ ১০৬৮৯৩ গৰাকী শিশুক আজিৰ পৰা আগষ্ট মাহৰ ১৭ তাৰিখৰ ভিতৰত চৰকাৰী বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত পেলু নিৰ্মূলকৰনৰ উদ্দেশ্যে এলবেনডেজল টেবলেট খুওৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি স্কুল নোযোৱা আৰু স্কুলৰ পৰা বাদ পৰা শিশু সকলকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এই কাৰ্যসূচীৰ অধীনত সামৰি লৈ আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ টেবলেট সেৱন কৰাব।
জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস গঢ়ি তোলা আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হ’ব৷
মহানগৰৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আয়োজিত আজিৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰি কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ণ আয়ুক্ত মনজিৎ বৰকাকতিয়ে সভাত উপস্থিত প্ৰতিগৰাকী অভিভাৱকক উক্ত সময়চোৱাত তেওঁলোকৰ শিশুটিক এই পেলুনাশক টেবলেট সেৱণ কৰাবলৈ আহ্বান জনায়।
অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(পৰিয়াল কল্যাণ), জিলা প্ৰতিষেধক বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ পুষ্টি পৰামৰ্শ দাতা, শিক্ষা বিভাগৰ প্ৰতিনিধি, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু খণ্ডভিত্তিক বিষয়াসকল উপস্থিত থাকে।





No comments:
Post a Comment