মালিগাঁৱৰ ৰেলৱে ষ্টেডিয়ামত আৰম্ভ ৭২ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্ৰতিযোগিতা
গুৱাহাটী৩ আগষ্ট : উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্রীড়া সংস্থা (এন এফ আৰ এছ এ) ৰ উদ্যোগত মালিগাওঁস্থিত এন এফ আৰ এছ এৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৭২ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ (পুৰুষ আৰু মহিলা) প্ৰতিযোগিতা । প্রতিযোগিতাখনত ভাৰতীয় ৰে'লৱেৰ বিভিন্ন মণ্ডল ৰে'লৱে আৰু উৎপাদন গোটৰ পৰা মুঠ ৬৫ গৰাকী পুৰুষ খেলুৱৈ আৰু ৩১ গৰাকী মহিলা খেলুৱৈয়ে ভাগ লৈছে।
ইয়াৰ উপৰিও, ৰে'লৱে ব'র্ডে নিযুক্ত কৰা ১৭ গৰাকী ৰেফাৰী, ২ গৰাকী নির্বাচক আৰু ১ গৰাকী পর্যবেক্ষকে প্ৰতিযোগিতাখনৰ পৰিচালনা আৰু নিৰীক্ষণৰ দায়িত্বত নিয়োজিত কৰা হৈছে । আনহাতে অহা ৭ আগষ্টলৈকে চলিবলগীয়া প্ৰতিযোগিতাখন শনিবাৰে বিয়লি উদ্বোধন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক ৰমেশ কুমাৰে ।
উদ্বোধনী অনুষ্ঠানটো অংশগ্ৰহণকাৰী দলসমূহৰ পৰিচয় পৰ্বেৰে শুভাৰম্ভ কৰা হয় আৰম্ভণি হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰেলৱে ক্রীড়া সংস্থাৰ সভাপতিগৰাকীৰ আদৰণি ভাষণ, পতাকা উত্তোলন আৰু অংশগ্ৰহণ কৰা ৰে'লৱে ব'ৰ্ডৰ বিষয়াবৰ্গৰ পৰিচয়পৰ্ব, মুখ্য অতিথিৰ ভাষণ, সম্বর্ধনা অনুষ্ঠানৰ পাছত প্ৰতিযোগিতাখন উদ্ধোধন হোৱা বুলি ঘোষণা কৰা হয়। উল্লেখ্য যে ৭ আগষ্টত প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ পাছত বিজয়ী আৰু ৰাণাৰ্ছ আপ দলক বঁটা প্ৰদান কৰা হব।
No comments