গুৱাহাটী, আগষ্ট ১৪, ২০২৬: জ্ঞানৰ পোহৰেৰে ভৱিষ্যত প্ৰজন্মক আলোকিত কৰাৰ সংকল্পৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম (Integrated Teacher Education Programme)ৰ দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়।
শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা পূৰৱী বৈশ্যৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উক্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মুখ্য অতিথিৰূপে উপস্থিত থাকি সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ভাষণত উপাচাৰ্যগৰাকীয়ে বৈদিক যুগৰ পৰা বৰ্তমানলৈ সমাজ গঠন আৰু জ্ঞানৰ প্ৰসাৰত শিক্ষকৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
তেখেতে উল্লেখ কৰে যে, "সময়ৰ পৰিৱৰ্তনৰ সৈতে শিক্ষা ব্যৱস্থা, শিক্ষাদানৰ পদ্ধতি আৰু শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা সলনি হৈছে। কিন্তু এগৰাকী শিক্ষকে নিজৰ দায়িত্ব, মূল্যবোধ, নৈতিকতা, মানৱীয়তা আৰু সৃষ্টিশীল চিন্তাৰ বিকাশ ঘটাই ভৱিষ্যত প্ৰজন্মক গঢ় দিয়াটো গুৰুত্বপূৰ্ণ। ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাৰ সৈতে খাপ খুৱাই শিক্ষকসকলেও নিজৰ জ্ঞান, দক্ষতা আৰু চিন্তাধাৰাৰ নিৰন্তৰ বিকাশ ঘটাই আওৱাই যোৱাটো অতি প্ৰয়োজনীয়।"
অনুষ্ঠানত সন্মানীয় অতিথিৰূপে উপস্থিত থকা ড° জয়ন্ত কুমাৰ শৰ্মাই (Director, Adult & Non-Formal Education, Govt. of Assam and Member of ERC, NCTE) সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ গুৰুত্ব আৰু বৰ্তমান শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তৃতা প্ৰদান কৰে। তেখেতে শিক্ষক শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী, আধুনিক আৰু সময়োপযোগী কৰি তোলাৰ ক্ষেত্ৰত উক্ত পাঠ্যক্ৰমৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব ড° ৰঞ্জন কুমাৰ কাকতি, সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ সভাপতি অধ্যাপক দুলুমণি গোস্বামী, অধ্যাপকবৃন্দৰ লগতে অভিভাৱক-অভিভাৱিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ লক্ষ্য আৰু উদ্দেশ্যৰ সৈতে সংগতি ৰাখি শিক্ষক শিক্ষা ব্যৱস্থাক অধিক সমন্বিত, বহুমুখী আৰু দক্ষতাভিত্তিক কৰি তোলাৰ ক্ষেত্ৰত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম এক গুৰুত্বপূৰ্ণ পদক্ষেপ। গুৱাহাটী বিশ্ববিদ্যালয়ত এই পাঠ্যক্ৰমৰ আৰম্ভণিয়ে ভৱিষ্যতে জ্ঞান, দক্ষতা, মূল্যবোধ আৰু আধুনিক শিক্ষাদৰ্শনেৰে সমৃদ্ধ শিক্ষক গঢ়ি তোলাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
No comments:
Post a Comment