Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত বানবিধ্বস্ত অঞ্চলত ৫০০০ শৈক্ষিক সামগ্ৰী বিতৰণ


গুৱাহাটী, আগষ্ট ২৯, ২০২৬ : শেহতীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ধাৰাবাহিকতা অটুট ৰখাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সামাজিক দায়বদ্ধতাৰ এক অংশ হিচাপে সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰেছৰ সহযোগত ৫,০০০ শিক্ষা সামগ্ৰী বিতৰণ কৰা হয়। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক দ্বীপেন বেজবৰুৱা আৰু অধ্যাপক বিকাশ গগৈয়ে অন্য সহযোগীসকলৰ সৈতে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বিদ্যালয়সমূহলৈ গৈ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি ১৫খন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত ৩,৫০০ৰো অধিক শিক্ষামূলক কিট বিতৰণ কৰে তথা অন্য ১৫০০ কিট বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত হস্তান্তৰ কৰে। 

উক্ত পদক্ষেপ সম্পৰ্কে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তদেৱে উল্লেখ কৰে যে, "বানপানীৰ দৰে দুৰ্যোগে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ যাত্ৰাত বাধা সৃষ্টি কৰিব নালাগে। এনে কঠিন সময়ত তেওঁলোকৰ কাষত থিয় দিয়াটো এখন বিশ্ববিদ্যালয় হিচাপে আমাৰ সামাজিক দায়িত্ব। শিক্ষামূলক কিট বিতৰণৰ এই পদক্ষেপৰ জৰিয়তে আমি কেৱল শিক্ষাসামগ্ৰী প্ৰদান কৰা নাই, বৰং বানপীড়িত শিশুসকলক তেওঁলোকৰ শিক্ষা অব্যাহত ৰখাৰ বাবে আমাৰ আন্তৰিক সমৰ্থনৰ বাৰ্তাও প্ৰদান কৰিব বিচাৰিছোঁ।”

তেওঁ লগতে কয় যে গুৱাহাটী বিশ্ববিদ্যালয় সদায় সমাজৰ প্ৰয়োজনৰ সময়ত সমাজৰ কাষত থিয় দিয়াৰ প্ৰতি দায়বদ্ধ। সমাজৰ কল্যাণৰ বাবে বিশ্ববিদ্যালয়ৰ সদায় দায়বদ্ধ। 

গুৱাহাটী বিশ্ববিদ্যালয় প্ৰেছৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই প্ৰেছৰ সমূহ কৰ্মচাৰী তথা অধ্যাপক দ্বীপেন বেজবৰুৱা আৰু অধ্যাপক বিকাশ গগৈক এই পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গুৱাহাটী বিশ্ববিদ্যালয়ে পোনপটীয়াকৈ বান সাহায্য প্ৰদান কৰাৰ লগতে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল। অসমৰ ৰাইজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অৱদান আগবঢ়াবলৈ গুৱাহাটী বিশ্ববিদ্যালয় সদায় প্ৰতিশ্ৰুতিবদ্ধ।



No comments

Powered by Blogger.