Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

বেলতলা লক্ষ্মী মন্দিৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ শীৰ্ষ পদাধিকাৰী মনোজ কুমাৰ শৰ্মা বৰদলৈক সম্বৰ্ধনা


 

গুৱাহাটী ,২৯ আগষ্ট : ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈক গুৱাহাটীৰ মৈদাম বেলতলা শ্ৰী শ্ৰী লক্ষ্মীমন্দিৰত ২৮ আগষ্টৰ দিনা সন্ধিয়াৰ ভাগত মৈদাম বেলতলা সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত  বাৰ্ষিক সাধাৰণ সভাত  ৰাজহুৱাভাবে বিপুল সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে অঞ্চলটোৰ বনগাঁৱৰ বাসিন্দা মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে  দুর্গাপূজা উদযাপন সমিতিৰ হিচাপ পৰীক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। 

 অলপতে মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক পদত নিযুক্তি লাভ কৰিছিল আৰু প্ৰাধিকৰণৰ শীৰ্ষ পদ লাভ কৰা প্ৰথমগৰাকী অসমীয়া হোৱাৰ বিৰল গৌৰৱ অৰ্জন কৰা বাবে তেওঁক সম্বৰ্ধনা জনোৱা হয়। আনহাতে উদযাপন সমিতিৰ সভাপতি ভাগ্যৰাম তুমুংঙৰ সভাপতিত্বত প্ৰায় ২০০ ৰো অধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সমিতিৰ কাৰ্যকৰী  সভাপতি দুৰ্লভ পাত্ৰ, সাধাৰণ সম্পাদক ডঃ গণেশ চন্দ্ৰ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু বিশিষ্ট লোকে মনোজ কুমাৰ শৰ্মা বৰদলৈক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ নেতৃত্বত আগন্তুক দিনত অসমসহ উত্তৰ পূবত অসামৰিক বিমান পৰিবহণ খণ্ডই নতুন ৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে সুস্বাস্থ্য কামনা কৰে।

 সভাত সম্বৰ্ধনা গ্ৰহণ কৰি মনোজ কুমাৰ শৰ্মা বৰদলৈয়ে  সমিতিৰ ফালৰ পৰা তেওঁক বিশেষ ভাবে সম্বৰ্দ্ধনা জনাই উৎসাহিত কৰা বাবে  সকলোলৈকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে সভাত আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। ইয়াৰ উপৰিও সভাত সৰ্বসন্মতিক্ৰমে - ভাগ্যৰাম তুমুংঙক সভাপতি , দুৰ্লভ পাত্ৰক কাৰ্যকৰী  সভাপতি, ডঃ গণেশ চন্দ্ৰ দাসক  সাধাৰণ সম্পাদক , অজয় দলৈ আৰু দিগন্ত কলিতাক সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে মৈদাম বেলতলা সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজা উদযাপন সমিতিখন গঠন কৰা হয়।

No comments

Powered by Blogger.