এন. এফ. ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী উদযাপনৰ আয়োজন
গুৱাহাটী, ২৭ আগষ্ট : ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এশ বছৰীয়া ওপজা দিন এন. এফ. ৰেলৱে এমপ্লইজ ইউনিয়নৰ উদ্যোগত অহা ৬, ৭ আৰু ৮ ছেপ্টেম্বৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মালিগাওঁ ৰেলৱে সদৰ কাৰ্য্যালয়ৰ সন্মুখত উদযাপন কৰা হ'ব। কাৰ্য্যসূচী অনুসৰি ৬ ছেপ্টেম্বৰত মালিগাওঁ গোশালাৰ কনকলতা ভৱনত বিয়লি ২ বজাৰ পৰা ক’, ‘খ’ আৰু ‘গ’ তিনিটা শাখাত চিত্ৰাংকন প্রতিযোগিতা অনুষ্ঠিত হ'ব। ‘ক’ শাখাত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, ‘খ’ শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ আৰু 'গ' শাখাত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলে যোগদান কৰিব পাৰিব। চিত্ৰাংকন প্রতিযোগিতাত তিনিওটা শাখাত দুটাকৈ বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হ'ব ।
৭ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা সুধাকণ্ঠৰ গানৰ প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত বিজয়ী প্রথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ প্রতিযোগীক ক্রমে ত্রিশ হাজাৰ, বিশ হাজাৰ আৰু দহ হাজাৰ টকা প্ৰদান কৰা হ'ব । প্রতিযোগিতাত সাত গৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ বঁটাৰ লগতে এহাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। ৮ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত সদৰ কাৰ্য্যালয় প্ৰাংগনত মালিগাওঁ ৰেলৱে হায়াৰ চেকেণ্ডাৰী আৰু নেতাজী বিদ্যাপীঠৰ এহাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সুধাকণ্ঠৰ “মানুহে মানুহৰ বাবে” গানটো অসমীয়া, হিন্দী আৰু বঙালী ভাষাত পৰিবেশন কৰিব।
৮ ছেপ্টেম্বৰৰ বিয়লি ২ বজাৰ পৰা সুধাকণ্ঠৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবেলি ৫ বজাত শিল্পী সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকিব সুধাকণ্ঠৰ সুৰাৰোপিত কথাছবি “চামেলি মেমচাহাবৰ বাৰ্কলী চাহাবৰ চৰিত্ৰত অভিনয় কৰা অসম আৰু বংগৰ বিশিষ্ট অভিনেতা জর্জ বেকাৰ আৰু তেখেতৰ সহধর্মিনী অৰ্পিতা বেকাৰ ৷

No comments