ৰাণীৰ ৰাঙ্গাপাৰাত ‘ধ্যানম সংগীতালয়’ৰ উদ্ধোধন , সংগীতৰ মাহজোৰা বিনামূলীয়া কৰ্মশালাৰ সামৰণি
গুৱাহাটী , ৪ আগষ্ট : যুৱ প্ৰজন্মৰ এগৰাকী চিনাকী আৰু জনপ্ৰিয় কণ্ঠশিল্পী অংকুৰ তনয়ে নিজৰ কথা আৰু সুৰেৰে সজাই তোলা ‘সৌ কলং পাহাৰৰ, তুমি গাৰো ছোৱালী’ শীৰ্ষক গীতটো ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয় হৈ পৰিছে। সেইগৰাকী শিল্পীৰ ঘৰ গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাণী ৰাঙ্গাপাৰাত। শিল্পীগৰাকীয়ে নিজৰ গাঁওখনত ‘ধ্যানম সংগীতালয়’ নামৰ এখন সংগীত শিক্ষাৰ অনুষ্ঠান নতুনকৈ জন্ম দিছে।
অনুষ্ঠানটোৰ উদ্যোগত মাহজোৰা সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালা এখনৰ আয়োজন কৰিছিল। কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা শাস্ত্ৰীয় সংগীত, তবলা, গীতাৰ, কী–বোৰ্ড, বাঁহী লগতে পেচাদাৰী সংগীতৰ শিক্ষা প্ৰদান কৰা হৈছিল। কৰ্মশালাখনিৰ ১ আগষ্টত সামৰণি উপলক্ষে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।
শিল্পী গৰাকীয়ে আঁত ধৰা অনুষ্ঠানটোত ৰাঙ্গাপাৰা ৰাইজৰ উপ সভাপতি ডিম্বেশ্বৰ দৈমাৰী, ৰাণী আঞ্চলিক ট্ৰাইবেল সংঘৰ সভাপতি দীপক বড়ো, ৰাণী আঞ্চলিক কোচ ৰাজবংশী সুৰক্ষা পৰিষদৰ সাধাৰণ সম্পাদক পৰাগ জ্যোতি দাস, গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি হৰেন বড়ো আৰু ঈশ্বৰ বড়ো , সংগীত অনুৰাগী বিপুল কছাৰী অতিথিৰূপে উপস্থিত থাকে। আনহাতে প্ৰখ্যাত গীতাৰ বাদক নন্দন প্ৰতীম ৰাভা আৰু বাঁহী, চেক্সাফোন বাদক নীৰেন ফাথো বিশেষ অতিথি শিল্পী ৰূপে উপস্থিত থাকে।
সামৰণি অনুষ্ঠানত শিল্পীগৰাকীৰ ‘ধ্যানম সংগীতালয়’ নামৰ সংগীত শিক্ষাৰ বিদ্যালয়খনৰ উদ্ধোধন কৰা হয়। বিদ্যালয়খনত শাস্ত্ৰীয় সংগীত, তবলা, গীতাৰ, ইলেট্ৰিকেল ড্ৰাম, কী–বোৰ্ড, বাঁহী, আৰ্ট, ডেন্স, যোগাসন আৰু পেচাদাৰী সংগীতৰ ওপৰত প্ৰশিক্ষণ দিয়া হ’ব বুলি অংকুৰ তনয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মাহজোৰা সংগীত কৰ্মশালাখনত শাস্ত্ৰীয় সংগীত, গীতাৰ, বাঁহী আৰু সুকুমাৰ কলাৰ শিক্ষাদান কৰা শিক্ষকসকল ক্ৰমে - জিতুমণি দাস, মৰমী শৰ্মা, ডেইজী মালী, তৰালী বড়ো, অৰ্চনা কৌশিক, ৰোজি দাস, গায়ত্ৰী শইকীয়া, যুগল দাস, দ্বীপজ্যোতি দাস, মনোজ ৰাভা, ভাস্কৰজ্যোতি দাস, কৌশিক দাস উপস্থিত থাকে।


No comments