Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

২৬ জুলাইত গুৱাহাটীৰ চিটি চেণ্টাৰত একেলগে মুকলি হব আটাইকেইটা গীত ;


অসমীয়া চলচ্চিত্ৰ 'আদি শক্তি'ৰ ছবিৰ টিজাৰ মুকলি

গুৱাহাটী, ২২ জুলাই : আইৰা মশ্বন পিকচাৰ্ছ’ৰ বেনাৰত নিৰ্মাণ হৈ থকা বহু প্ৰত্যাশিত অসমীয়া চলচ্চিত্ৰ "আদি শক্তি"ৰ "অনি বনি"ৰ টিজাৰ শেহতীয়াকৈ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। জনপ্ৰিয় কণ্ঠশিল্পী জুবলী আৰু অসমৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গৰ সুমধুৰ যুগলবন্দীৰে প্ৰাণ পাই উঠা এই গীতটোৱে ইতিমধ্যে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। অহা ২৬ জুলাইত গুৱাহাটীস্থিত চিটী চেণ্টাৰত চলচ্চিত্রখনৰ আটাইকেইটা গীত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে আহিবলগীয়া অসমীয়া চলচ্চিত্ৰখনত অন্তিমবাৰলৈ একেলগে প্ৰাণ পাই উঠিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ যুঁটি। ‘আদি শক্তি'ৰ আন এটি সুন্দৰ গীত 'আচুৰ্য বৰপাত্ৰ গোহাঁইৰ সুমধুৰ কণ্ঠৰে প্ৰাণ পাই উঠা 'খৰিকাজাঁই' গীতটি শ্ৰোতাই মৰমেৰে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ সমগ্ৰ টিমে। উল্লেখ্য যে গীতৰ কথা ৰাহুল গৌতম শৰ্মাৰ, সঙ্গীত কৰিছে গৌৰাংগ- বিশালে আৰু মিক্সিং আৰু মাষ্টাৰিঙত হাত বোলাইছে ৰূপজিত দাসে।

No comments

Powered by Blogger.