Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

স্পাৰ্ক'ৰ উদ্যোগত সৌন্দৰ্য প্ৰতিযোগিতা সম্পন্ন



গুৱাহাটী , ১১ জুলাই :  গুৱাহাটীৰ বৰিপাৰাস্থিত কৰ্মশ্রী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত   ৯ জুলাইত এক সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় ।ফেশ্বন জগতৰ অতি চিনাকি নাম স্পাৰ্ক'ৰ উদ্যোগত এই সৌন্দৰ্য প্ৰতিযোগিতাখন অনুষ্ঠিত হয় । 

অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত  থাকি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ চিকিমৰ যুটীয়া সঞ্চালক প্ৰধান বিজয় সোনাৰ আৰু মডেল গঙ্গা চৌধুৰীয়ে  বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । 

সহস্ৰাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত বিচাৰক হিচাপে অংশ লয় মডেল সৰলা দাস, নিবিড় কাশ্যপ, মানস ভূঞা আৰু মিনু পলে । প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক মিষ্টাৰ,মিছ আৰু মিছেছ আছাম খিতাপৰ লগতে মিছ টীন, মিষ্টাৰ টীন আৰু কিডছ শাখাতো খিতাপ প্ৰদান কৰা হয় ।

No comments

Powered by Blogger.