Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

প্ৰাগজ্যোতিষ নামঘৰত নতুন সভাঘৰৰ উদ্ধোধন


গুৱাহাটী, ১১ জুলাই : গুৱাহাটীৰ  প্ৰাগজ্যোতিষ নামঘৰত ১০ জুলাইৰ দিনা সন্ধিয়া প্ৰাক্তন মন্ত্ৰী  ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বিগত কাৰ্যকালত তেওঁৰ বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ পৰা আগবঢ়োৱা ৫ লাখ টকাৰ অনুদানেৰে নিৰ্মাণ কৰা নতুন সভাঘৰৰ শুভ উদ্ধোধন কৰা হয়।মাংগলিক কাৰ্যৰ মাজেৰে শতাধিক ৰাইজৰ উপস্থিতিত নতুন সভাঘৰটো উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। 

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত  শ্ৰী শ্ৰী কুমৰপাৰা ৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ , ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ দেৱজিৎ হাজৰিকা,  যুৱ সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা দেৱান ধ্ৰুৱজ্যোতি মৰলসহ  অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি, ভকত-বৈষ্ণৱ আৰু শুভাকাংক্ষী  উপস্থিত থাকে। 


অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি উপস্থিত বিশিষ্ট অতিথিসকলক নামঘৰ সমিতিৰ ফালৰ পৰা পৰা শৰাই, মানপত্ৰ আৰু মুগাৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।  আৰম্ভণিতে আই , মাতৃসকলে নাম-কীৰ্তন পৰিৱেশন কৰি এক আধ্যাত্মিক আৰু ভক্তিময় পৰিবেশৰ সৃষ্টি কৰে। আনহাতে চমু ভাষণত প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নামঘৰ সমিতিৰ উন্নয়নমূলক কাম-কাজৰ শলাগ লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামধৰ্মৰ মূল আদৰ্শ—ঐক্য, সম্প্ৰীতি আৰু মানৱ কল্যাণৰ বাণী সমাজৰ প্ৰতিটো স্তৰলৈ আগবঢ়াই নিয়াৰ আহ্বান জনায়। অনুষ্ঠানত ১৯৬৩ চনত প্ৰাগজ্যোতিষ নামঘৰ প্ৰতিষ্ঠাৰ সময়ৰ সৈতে জড়িত প্ৰাক্তন শিক্ষক  নৃপেন কলিতাই নামঘৰৰ ইতিহাস বহন কৰা দুখন আলোকচিত্ৰ উপহাৰ হিচাপে আগবঢ়ায়। 

 সমাজসেৱিকা তথা শিক্ষকত্ৰী ৰীতা ভূঞা কলিতাই সঞ্চালনা কৰা অনুষ্ঠানটোত  নামঘৰ সমিতিৰ সম্পাদক। নিৰেণ দাস, কোষাধ্যক্ষ  ৰাজেশ শৰ্মা, অতুল দাস,  ভাস্কৰজ্যোতি কলিতা, পদুম শৰ্মা , মুনীন্দ্ৰ চৌধুৰী,  ডেইজী ভৰালী,  ইন্দ্ৰ মোহন কলিতা প্ৰমুখ্যে সমিতিৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ বহু আই-বাপ উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত উপস্থিত সকলোৱে আশা ব্যক্ত কৰে যে, নতুন সভাঘৰটোৱে প্ৰাগজ্যোতিষ নামঘৰৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক কাৰ্যকলাপক অধিক গতিশীল কৰি তোলাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু গুৰুজনাৰ আদৰ্শ অধিক সুদৃঢ় কৰি তুলিব।

No comments

Powered by Blogger.