গুৱাহাটী ,১৪ জুলাই : ১৯৬৩ চনত স্থাপিত গুৱাহাটী মহানগৰীৰ ফটাশিল গৌৰী শৰ্মা ক'লনীস্থিত পুনৰ নিৰ্মিত প্ৰাগজ্যোতি নামঘৰৰ মূল তোৰণ, সভাগৃহ আৰু সম্বৰ্ধনা অনুষ্ঠানটো তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ৫ জুলাইত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘলে নামঘৰৰ মূল তোৰণখনৰ শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে ৬০ বছৰ গৰকা প্ৰাগজ্যোতি নামঘৰত কণ কণ শিশুসকলক নাম প্ৰসংগৰ অনুশীলন দিয়া হয়।
আনহাতে ১০ জুলাইত সন্ধিয়া প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰাগজ্যোতি নামঘৰৰ সভাগৃহৰ শুভ উদ্বোধন কৰে। ভাষণ প্ৰসংগত কলিতাই তেওঁক এতিয়াও মনত পেলাই নিমন্ত্ৰণ কৰা বাবে নামঘৰ পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰে। লগতে নামঘৰটো অতি কম সময়ত নিৰ্মাণ কৰি উলিওৱা বাবে নামঘৰ পৰিচালনা সমিতিৰ শলাগ লয়।
উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰী কলিতাই যোৱা ২০২৩ - ২৪ বৰ্ষৰ বিধায়ক পূজিৰ পৰা প্ৰাগজ্যোতি নামঘৰৰ সভাগৃহৰ বাবে ৫ লাখ টকা অনুদান আগবঢ়াইছিল। একেটা অনুষ্ঠানতে শ্ৰী শ্ৰীৰাজহুৱা সত্ৰৰ সত্ৰাধিকাৰ সনাতন দাস বাপ আৰু চিকিৎসা শিক্ষা অসমৰ প্ৰাক্তন সঞ্চালক ডাঃ দেবজিৎ হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়।
১১ জুলাইত বিয়লি প্ৰাগজ্যোতি নামঘৰত স্থানীয় বিধায়ক বিজয় কুমাৰ গুপ্তাক সম্বৰ্ধনা জনোৱা হয়। ভাষণ প্ৰসংগত বিধায়ক গুপ্তাই নামঘৰৰ লগতে গৌৰী শৰ্মা ক'লনীৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে। এই অঞ্চলৰ খোৱাপানীৰ ব্যৱস্থাৰ লগতে গৌৰী শৰ্মা ক'লনীৰ শ্ৰী শ্ৰী বিষ্ণুদেব গোস্বামী পথৰ জৰাজীৰ্ণ হোৱা নলাৰ পুনৰ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে বিধায়ক গুপ্তা পূৰ্বে গৌৰী শৰ্মা ক'লনীৰ বাসিন্দা আছিল। সম্বৰ্দ্ধনা অনুষ্ঠানত স্থানীয় বাসিন্দা নৃপেন কলিতাই সংৰক্ষণ কৰি ৰখা দুখন আপুৰুগীয়া ফটো নামঘৰৰ আই মাতৃ সকলক অৰ্পণ কৰে। আনহাতে তিনিওটা দিনৰ কাৰ্যসূচীৰ প্ৰতিদিনে ডেৰ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।


No comments:
Post a Comment