গুৱাহাটী ,১৪ জুলাই : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী অঞ্চলৰ একাংশ গাঁৱত শেহতীয়াকৈ ভূমি অধিগ্রহণৰ বাবে জাননী জাৰি কৰিছে।
ইয়াৰে ভিতৰত আছে আজাৰা ৰাজহ চক্ৰ এলেকাৰ জৱে গাঁৱৰ ২০৩ বিঘা দেওৰআলি গাঁৱৰ ৬৭৬ বিঘা , জংগলীয়াপাৰা গাঁওৰ ২৮০ বিঘা । জি এম ডি এই প্ৰস্তাৱিত নতুন টাউন শ্বিপত জৱে, পাটগাঁও, সজ্জনপাৰা, ৰাজাপানীচান্দা, আন্ধেৰিজুলি, ৰাঙাপাৰা, কছাৰী আলিবাৰী, বাটাবাৰী আদি গাঁও অন্তৰ্ভূক্তিকৰণৰ পৰিকল্পনা কৰিছে। উক্ত গাওঁসমূহ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ-২০০৫ সংশোধনী আইনমতে ৭৭৯খন গাওঁৰ ভিতৰত পৰে লগতে জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ অন্তৰ্গত গাওঁ।
কিন্তু এই ৭৭৯ খন গাঁৱক জি এম ডি এৰ অন্তৰ্ভুক্তিকৰণৰ পৰা বাদ দিবলৈ অসম চৰকাৰক দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা কমিটি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিয়ে। আজি বিয়লি গুৱাহাটীৰ চলাপাৰাস্থিত ট্ৰাইবেল গেষ্ট হাউচৰ সভাগৃহত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা কমিটিৰ সভাপতি আনন্দ ৰাভা, সাধাৰণ সম্পাদক অশোক নংবাক, আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ সভাপতি ছানচুবাং বসুমতাৰী , সাধাৰণ সম্পাদক জীতেন বড়োৱে কয় যে আমি ২০০৯ চনৰ পৰাই ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ অন্তর্গত গাওঁসমূহক জি এম ডি এৰ অন্তৰ্ভূক্ত নকৰিবলৈ দাবী জনাই আহিছোঁ।
তৎস্বত্বেও বাৰে বাৰে ষড়যন্ত্রমূলকভাৱে ৰাজহ গাওঁসমূহ জি এম ডি এত অন্তৰ্ভূক্তিকৰণ প্ৰচেষ্টা চলাই আহিছে। এই ভূমি অধিগ্ৰহণৰ জৰিয়তে অসম চৰকাৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ-২০০৫ সংশোধনী আইন উলংঘা কৰি ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক ষষ্ঠ অনুসূচী প্ৰাপ্তিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। জনজাতীয় আৱেষ্টনী আৰু খণ্ড ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে। আৰু বছৰ বছৰ ভোগ দখল কৰি কৃষি কাৰ্যৰ জৰিয়তে জীৱন-জীৱিকা নিৰ্বাহ কৰি থকা ৰায়তী কৃষক ৰাইজক ভূমি মালিকীস্বত্ব পোৱাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। আমি সংবাদমেলৰ জৰিয়তে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা সমিতিয়ে দাবী জনাওঁ যে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ৭৭৯খন ৰাজহ গাঁৱৰ পৰা পৰা জি এম ডি এত এখনো গাঁও অন্তৰ্ভূক্ত নকৰিবলৈ দাবী জনালোঁ।
জনজাতীয় আৱেষ্টনী আৰু খণ্ড ভংগ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক। আজাৰা আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী অঞ্চলৰ বায়তীসকলক ভূমিৰ মালিকীস্বত্ব প্ৰদান কৰক । আনহাতে সংবাদমেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভা, কামৰূপ জিলা কমিটিৰ উপ সভাপতি মন্টু কুমাৰ ৰাভা, বিত্ত সম্পাদক অসীম ৰাভা, ক্ৰীড়া সম্পাদক ৰিজেন ৰাভা, নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰাণী আঞ্চলিক কমিটিৰ সভাপতি ভাইটি বড়োকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ্য যে বিগত কিছুদিন ধৰি এই বিষয়টোক লৈ বৃহত্তৰ ৰাণী অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত হৈ আছে।

No comments:
Post a Comment