Header Ads

https://drive.google.com/file/d/1KYvwcVfpdZA0pOa_z8Gqbqub5aWa8YEk/view?usp=sharing.jpg

সুন্দৰবড়ীত লেখক মহানন্দ কুমাৰৰ গ্ৰন্থ উন্মোচন


 

গুৱাহাটী ,৩০ জুলাই  জালুকবাৰীৰ সুন্দৰবড়ীত লেখক  অভিনেতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী  মহানন্দ কুমাৰৰ নতুনকৈ প্ৰকাশ পোৱা "জংকট" নামৰ গল্প পুথিখন যোৱা ২৯ জুলাইত সন্ধিয়া তেওঁৰ নিজা বাসভৱনত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰা হয়। গ্ৰন্থখন  উন্মোচন কৰে বিশিষ্ট  সমালোচক তথা সাহিত্যিক পেঞ্চনাৰ  অতুল মজুমদাৰে । উল্লেখ্য যে গ্ৰন্থকাৰ  মহানন্দ কুমাৰে বিশিষ্ট সাহিত্যিক , চলচ্চিত্ৰ পৰিচালক ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ সান্নিধ্য লাভ কৰি  সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। 

অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি অতুল মজুমদাৰে  কয় যে দীৰ্ঘদিন ধৰি একে সময়তে গল্পকাৰ মহানন্দ কুমাৰে  নাটক আৰু অভিনয়ৰ সৈতে জড়িত আছিল । অনুষ্ঠানত অধ্যাপক গগন জ্যোতি বড়া,  প্ৰদীপ কুমাৰ,  বিৰাজ দাস ধীৰাজ দাস,  ডলী কুমাৰী ,  ধ্ৰুৱজ্যোতি কুমাৰ  , অখিলেশ হাজাৰী  আদিয়ে চমু ভাষণত মহানন্দ কুমাৰৰ বহুমুখী প্ৰতিভাৰ বিভিন্ন দিশৰ আলোকপাত কৰে । উল্লেখ্য যে গৌতম কুমাৰে আঁত ধৰা অনুষ্ঠানটোত সাহিত্য , সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত কেবাজনো লোক উপস্থিত থাকে ।

No comments

Powered by Blogger.